অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ নিৰ্মাণ হ’বলগীয়া ভাৰতৰ ৫০৮ টা ৰে’লৱে ষ্টেচনৰ ভিতৰত মৰিয়নি ৰে’ল ষ্টেচন অন্যতম ৷ দেওবাৰে মৰিয়নী ৰে’লৱে ষ্টেচনত এক বৰ্ণাধ্য কাৰ্য সূচীৰে উক্ত অনুষ্ঠান ৰূপায়ণ কৰা হয় ৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলি ভাৱে আধাৰ শিলা স্থাপন কৰা অনুষ্ঠানটোত উপস্থিত থাকে মৰিয়নিৰ বিধায়ক ৰুপজ্যোতি কুৰ্মী, তিতাবৰ মহকুমাধিপতি ,ৰাজহ চক্ৰ বিষয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।এই অনুষ্ঠানতেই ৰে’ল বিভাগে মৰিয়নি বিদ্যালয়সমূহত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হয়।
মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

