Breaking

ব্রহ্মপুত্র নদীত সন্ধানধীন অমৃত পুত্রৰ অপেক্ষাত অমৃতৰ পৰিয়াল

0 2,230

ডিমাপুৰৰ  পৰা বান্দৰদেৱা অভিমুখী দহ চকীয়া লোহাভৰ্তি ট্রাক তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি দুর্ঘটনাত পতিত হৈছিল !যোৱা ২২নবেম্বৰৰ নিশা সংঘটিত এই পথ দুর্ঘটনাৰ চালক ৰাজীৱ বিশ্বকর্মা আৰু হেণ্ডিমেন অমৃত সোনাৰী আজিও সন্ধানহীন হৈ আছে !অমৃত সোনাৰী ঘৰ বিহালী থানাৰ অন্তর্গত চেনীমাৰী গাৱঁত !অতি দুখীয়া পৰিয়ালৰ ললিত সোনাৰীৰ পুত্র অমৃতে ঘৰুৱা অৱস্হা শোচনীয় হোৱাৰ বাবে নৱম শ্রেনীলৈকে পঢ়াশুনা কৰি ঘৰুৱা কামকাজতেই নিয়োজিত হৈ আছিল !২০বছৰীয়া অমৃত যোৱা কালিপূজাৰ পিছদিনাই উক্ত ট্রাকত নিজৰ ভিনীদেউ ৰাজীৱৰ লগতে ট্রাকত কাম কৰিবলৈ গৈছিল !এতিয়াও পৰিয়ালৰ লোক বিশেষকৈ পিতৃ মাতৃয়ে সোনাৰীৰে ঘূৰি আহিব বুলি আশাৰে বিট চাই  আছে !অতি দুখীয়া পৰিয়ালৰ অমৃতৰ ইতিমধ্যে  আক্ষীয়ে ব্রহ্মপুত্র নদীত ভোটাৰ আই ডি ,পানকার্ড আৰু চোলা এটা উদ্ধাৰ হৈছে যদিও চালক আৰু হেণ্ডিমেনৰ একো সন্ধান পোৱা নাই !এতিয়া  অমৃতৰ ঘৰত  জনসমাগম হৈ আছে অমৃতৰ খবৰ লবলৈ অহা লোকে !গাঁৱৰ লোকেও আশাত বন্দী অমৃতৰ সন্ধাৰ অপেক্ষাত ।

Leave A Reply