“ঘৰে ঘৰে শিক্ষা, তেহে ৰক্ষা” — কুশবাৰী জাতীয় বিদ্যালয়ত আমছুৰ কলম বিতৰণ কাৰ্যসূচী । AMSU

AMSU । শিক্ষাই একমাত্ৰ পথ — সমাজক আলোকিত কৰা, পিছপৰা জনগোষ্ঠীক আগবঢ়োৱা আৰু সকলোৰে ভৱিষ্যৎ গঢ়ি তোলা। এই গভীৰ বোধ আৰু দায়বদ্ধতাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে “ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা” এই আপ্তবাক্যক মূলমন্ত্ৰ কৰি কুশবাৰী জাতীয় বিদ্যালয়ত এক তাৎপৰ্যপূৰ্ণ কলম বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কলম বিতৰণ অনুষ্ঠানটোৱে কেৱল শিক্ষাৰ সামগ্ৰী বিতৰণ নহয়, বৰঞ্চ এক চিন্তাশীল সমাজ গঠনৰ উদ্দেশ্যে শিক্ষা কেন্দ্ৰিক আন্দোলনৰ সূচনা। ১ আগষ্টৰ পৰা আৰম্ভ হোৱা আমছুৰ এমাহীয়া শিক্ষামূলক অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীৰ লক্ষ্য হ’ল সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ পোহৰ প্ৰজ্বলিত কৰা আৰু শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মনোভাৱ উন্নত কৰা। অসমত সাম্প্ৰতিক সময়ত খিলঞ্জীয়া ৰক্ষাৰ নামত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কিছু সিদ্ধান্তৰ পটভূমিত এই কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰে। আমছুৰ মতে, সমাজৰ গতি শিক্ষা-নির্ভৰ হ’ব লাগিব, অস্ত্ৰৰ নহয়। আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমে অনুষ্ঠানত ভাষণ প্ৰসংগত কয় খিলঞ্জীয়া ৰক্ষাৰ নামত চৰকাৰে মাৰাণাস্ত্ৰ প্ৰদানৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, আমছুয়ে তাৰ প্ৰতি উত্তৰ দিব কলমৰে। শিক্ষাই আমাৰ একমাত্ৰ পথ , কলমেই আমাৰ যুঁজৰ অস্ত্ৰ। আমি বিশ্বাস কৰোঁ, কেৱল শিক্ষাৰ জৰিয়তে সুস্থ সমাজ গঠন সম্ভৱ। তেওঁ লগতে সকলো শিক্ষানুৰাগী, অভিভাৱক, শিক্ষক, সংগঠন, তথা সচেতন নাগৰিক সকলক এই শিক্ষাৰ জাগৰণ যাত্ৰাত আমছুৰ লগত সহযাত্রী হ’বলৈ আহ্বান জনায়। অসমৰ প্ৰতিটো ঘৰতে যেন শিক্ষাৰ পোহৰ জ্বলি উঠে, সেই দিশে সংগঠনটোৱে সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দৃঢ়ভাৱে উল্লেখ কৰে। অনুষ্ঠানখনত বিদ্যালয়ৰ প্ৰায় ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া কলম বিতৰণ কৰা হয়। প্ৰত্যেক গৰাকী শিক্ষাৰ্থীৰ হাতত কলম দিবলৈ আমছুৰ প্ৰতিনিধিসকল আগবাঢ়ি আহে। কলম কেৱল লিখিবৰ বাবে নহয়, বৰঞ্চ ই এটা আশা, এটা শক্তি, এটা অস্ত্ৰ, যাৰ জৰিয়তে আমি গঢ়ি তুলিব পাৰো নিজৰ আৰু সমাজৰ ভৱিষ্যৎ। ইয়াৰ উপৰিও উপস্থিত বক্তাসকলে তেওঁলোকৰ ভাষণত প্ৰত্যক্ষভাৱে উল্লেখ কৰে শিক্ষাৰ বিকাশ অবিহনে উন্নয়নৰ নামত গ্ৰহণ কৰা যিকোনো পদক্ষেপ অপূর্ণ। এই কাৰ্যসূচীৰ জৰিয়তে আমছুয়ে সমাজক সজাগ কৰা, ছাত্ৰ-ছাত্ৰীৰ মনত আত্মবিশ্বাস জগোৱা আৰু অভিভাৱক সকলক শিক্ষাৰ প্ৰতি অধিক মনোনিবেশ কৰোৱাৰ চেষ্টাত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই কলম বিতৰণ কাৰ্যসূচীয়ে কুশবাৰী অঞ্চলত শিক্ষাৰ জাগৰণৰ এক নতুন সূচনা হিচাপে বিবেচিত হৈছে। বহুদিন ধৰি পশ্চাদপটত থকা অঞ্চলসমূহত এই ধৰণৰ পদক্ষেপেই শিক্ষাৰ পোহৰে লাহে লাহে পূৰ্ণ বিকাশ লাভ কৰিব পাৰে। আমছুৰ এই সাহসী আৰু পৰিকল্পিত পদক্ষেপে আগন্তুক দিনত শিক্ষিত, সজাগ আৰু সদ্ভাৱনাপূৰ্ণ সমাজ গঠনত এক দীঘলীয়া ভূমিকা গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। বিদ্যালয় খনৰ পৰিচালনা সঞ্চালক আলাউদ্দিন শ্বৰীফে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ, আমছুৰ কেন্দ্ৰীয় উপ সভাপতি জাহাঙ্গীৰ আলম, আমছুৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক বাহাৰুল ইছলাম, উত্তৰ শালমাৰা জিলা আমছুৰ উপ সভাপতি ৰফিকুজ জামান, সাধাৰণ সম্পাদক খুৰশিদ আলম, জাহানুৰ আলম, সহঃ সাধাৰণ সম্পাদক ৰিয়াজুল হক আৰু অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিয়ে অনুষ্ঠানখনৰ গৰিমা বৃদ্ধি কৰে।

Related Articles