বৃহস্পতিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ চহৰৰ আদালত চাৰিআলিত আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লোকক আধাৰ কাৰ্ড প্ৰদান কৰা, চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথিৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, সংখ্যালঘু মুছলমান লোকক বসুন্ধৰা ২.০ আঁচনিত অন্তৰ্ভূক্ত কৰা, অসমৰ বিভিন্ন প্ৰান্তত হোৱা গৰা খহনীয়া প্ৰতিৰোধ কৰাৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন, মিন্নাতুল ইছলাম,উপ সভাপতি মুয়িদুল ইছলাম, নজৰুল ইছলাম মিৰ্ধা, শোণিতপুৰ জিলা সমিতিৰ সভাপতি শুকুৰ আলী,সাধাৰণ সম্পাদক আইনুল ইছলাম, আফতাব আলমৰ লগতে আমছু শোণিতপুৰ জিলা সমিতিৰ আৰু জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতি সমূহৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।