Breaking

আমতলৰ শ্ৰী শ্ৰী মহামুনি মন্দিৰত বাৰ্ষিক উৎসৱ

0 85

আমতল ভেৰগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰী মহামুনি মন্দিৰ প্ৰাংগনত এদিনীয়া কাৰ্যসূচীৰে মন্দিৰ খনৰ বাৰ্ষিক উৎসৱ পালন কৰা হয়। ৰাতিপুৱা প্ৰথম কাৰ্য্যসুচী হিচাবে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ কান্ত বৰাদেবে ধৰ্মীয় ধ্বজ্জা উত্তোলন কৰে। দিনৰ ভাগত ৰাধা কৃষ্ণৰ পূজা  হয় আৰু স্থানীয় আই মাতৃসকলৰ দ্বাৰা দিহা নাম, নাম সংকিৰ্তনেৰে মন্দিৰ চৌহদ ভক্তিময় কৰি তুলে।

উল্লেখযোগ্য যে যোৱা ২০১৮ আৰু ২০১৯ বৰ্ষত মন্দিৰৰ বাৰ্ষিক উত্সৱ হিচাপে অতি উলহ মালহেৰে  ৰাস লীলাৰ আয়োজন কৰা হৈছিল কিন্ত বৰ্তমান ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাস লীলাৰ আয়োজন কৰা নহ’ল বুলি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰনব কুমাৰ শৰ্মাই জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও মন্দিৰৰ এটি ভবন নিৰ্মাণ ৰ সাহাৰ্য্যাৰ্থে উপহাৰ কুপনৰ খেল এটাও অনুষ্ঠিত কৰা হয় বুলি সম্পাদকে জনায়। ৰাতিৰ ভাগত স্থানীয় নাম কীৰ্তন দলৰ নাম সংকিৰ্তনেৰে অনুষ্ঠানটিৰ সামৰণি  কৰা হয়। উপহাৰ কুপন খেলখনৰ বিচাৰক হিচাপে উপস্থিত আছিল চিৰাজুলি অঞ্চলৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শ্ৰী গুনদেব অধিকাৰী আৰু মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী সুভাষ দে।

Leave A Reply