নগাঁৱৰ বৰঘাট বাইপাছত উদ্ধাৰ হৈছে ৮ ফুট দৈৰ্ঘ্যৰ এডাল মৃত অজগৰ সাপ।
শনিবাৰে নিশা অজগৰটোৱে ৰাস্তা পাৰ হওঁতেই বাইপাছেৰে যোৱা বাহনে সাপ ডালক চেপি যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

দেওবাৰে একাংশ স্থানীয় ৰাইজে ৰাস্তাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে অজগৰটোক।
উলেখ্য যে বাইপাছেৰে অহা যোৱা কৰা একাংশ বাহনৰ দৌৰাত্মৰ বাবেই প্ৰায়েই দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে।

