গুজৰাটত ৭ ছেকেণ্ডত ভাঙি পেলোৱা হ’ল ৮৫ মিটাৰ উচ্চতাৰ কুলিং টাৱাৰ

মঙলবাৰে নিয়ন্ত্ৰিত বিস্ফোৰণৰ জৰিয়তে গুজৰাটৰ চুৰাটত ৮৫ মিটাৰ উচ্চতাৰ এটা কুলিং ষ্টেচন ভাঙি পেলোৱা হয়।

এটা ভিডিঅ’ত দেখা গৈছে যে এটা প্ৰচণ্ড শব্দৰ মাজত টাৱাৰটো কেইছেকেণ্ডমানৰ ভিতৰতে নামি আহিছে।

বিষয়াসকলে জনোৱা মতে, ৩০ বছৰীয়া টাৱাৰটো ভাঙিবলৈ ২২০ কিলোগ্ৰাম বাণিজ্যিক বিস্ফোৰক ব্যৱহাৰ কৰা হৈছে।

টেকন’-কমাৰ্চিয়েল কাৰণত টাৱাৰটো ভাঙি পেলোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল বুলিও বিষয়াসকলে লগতে কয়।

Related Articles