Breaking

অহা বছৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৫ টকাকৈ অতিৰিক্ত ৰাজ সাহায্য দিয়া হ’ব…

0 40

অহা বছৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৫ টকা কৈ অতিৰিক্ত ৰাজ সাহায্য দিয়া হ’ব। অহা তিনি চাৰি দিনৰ ভিতৰত
ডিব্ৰুগড় আৰু যোৰহাটত Milk Processing Unit মুকলি কৰিবলৈ ধন মুকলি কৰি দিয়া হ’ব। এটা আজি হৈ গ’ল, মুঠ ৬ টা unit অসমত স্থাপন হ’ব। অহা বছৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৫ টকা অতিৰিক্ত দিয়া হ’ব। আজিৰ দিনটো আত্মনিৰ্ভৰ ৰাজ্য সৃষ্টি। যি সকলে কণী উৎপাদন উদ্যোগ গঢ়িব তেওঁলোকৰ বাবে নতুন প্ৰকল্প মুকলি কৰা হ’ব।

আত্ম সহায়ক গোটৰ মহিলাক ১০, হাজাৰ টকা কৈ দিয়া হ’ব যাতে ঘৰুৱাকৈ কণী উৎপাদন কৰিব পাৰে। অসমতো দুগ্ধ বিপ্লৱ গঢ়ি তোলা হ’ব। এতিয়া আমি প্ৰতিদিনেই ১ লাখ লিটাৰ গাখীৰ উৎপাদনৰ সামৰ্থ্য হৈছে। প্ৰতিলিটাৰ গাখীৰে গ্ৰাম্য অৰ্থনীতি নিৰ্ধাৰণ কৰে। আমি বাহিৰৰ পৰা যিমানেই গৰুৰ প্ৰজাতি নানো কিয় অসমৰ বাবে জলবায়ু পৰিৱেশত লখিমীয়ে সহজলভ্য। গাখীৰ, কণী, গাহৰি, ছাগলীৰ বাবে যাতে বহি ৰাজ্যৰ ওপৰত যাতে নিৰ্ভৰশীল হ’ব নালাগে তাৰে আহ্বান মুখ্যমন্ত্ৰীৰ।

Leave A Reply