সোণাৰি থুকুবিলত এছেঙ বেডমিণ্টন একাডেমীৰ উদ্যোগত সদৌ অসম ভিত্তিত এদিনীয়া বেডমিণ্টন প্ৰতিযোগিতা…

চৰাইদেউ জিলাৰ সোণাৰি থুকুবিলত এছেঙ বেডমিণ্টন একাডেমী নামৰ এটা বেডমিণ্টন প্ৰশিক্ষণ কেন্দ্ৰ নতুন কৈ মুকলি কৰা হৈছে । এই কেন্দ্ৰটো প্ৰথমে স্বত্বাধিকাৰ হিচাপে জানুমত গগৈয়ে আগবঢ়াইছে আৰু স্থানীয় ৰাইজেও সহায় সহযোগিতা আগবঢ়াইছে। জানুমত গগৈৰ এই একাডেমী খন খোলাৰ এটাই উদ্দেশ্য যে থুকুবিল গাঁও খনৰ লগতে পাৰ্শ্বতী এলেকাত বহুতো ছাত্র ছাত্ৰী আছে । কিছুমান ছাত্র ছাত্ৰীয়ে খেলিবলৈ ইচ্ছা থাকিলেও টকা-পইচাৰ অভাৱত নাম ভৰ্ত্তি কৰিব নোৱাৰে । সেয়েহে সেই ছাত্র ছাত্ৰী সকলৰ মনৰ আশাবোৰকে লৈ আজি এছেঙ বেডমিণ্টন একাডেমী নামেৰে নামাকৰণ কৰি নতুন একাডেমী খন উদ্ধোধন কৰে চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত পলাশ আহোম ৰাজকুমাৰে।

এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানত টোৰ প্ৰথম দিনাই সদৌ অসম ভিত্তিত এদিনীয়া বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন জিলাৰ পৰা খেলুৱৈ সকলে অংশগ্ৰহণ কৰিছে। চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত পলাশ ৰাজকুমাৰ আহোমে খেলুৱৈ সকলক সাৰুৱা বক্তব্যৰে উৎসাহিত কৰি বেডমিণ্টন খেলখন উদ্ধোধন কৰে।

Related Articles