অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক জীয়াই ৰখা প্ৰয়াস বৰডুমচাৰ এজন যুৱকৰ

 অসম অৰুণাচল প্ৰদেশ সিমান্তৱৰ্তী বৰডুমচাৰ ৰিতুকঁ‌ঠালগুৰি নিৱাসী নৱকান্ত চলিহাৰ অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক জীয়াই ৰখা এক অনন্য ব্যতিক্ৰমী প্ৰয়াস |২০০৬ চনতে দুজন বন্ধু ক্ৰমে পৰাগজ্যোতি গোহাঁই আৰু মৃদুল বৰপাত্ৰগোঁহাইৰ সৈতে মিলি তেওঁ ঘৰতে আৰম্ভ কৰে ভলুকা বাঁহৰে সা- সামগ্ৰীৰ সাজি উলিওৱা কাম| কম সময়ৰ ভিতৰতে ভলুকা বাঁহৰে সাজি উলিওৱা  আচবাব-পত্ৰই অঞ্চলটোৰ ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়| ভলুকা বাঁহৰে আৰম্ভ কৰা এই ব্যতিক্ৰমী প্ৰতিষ্ঠানখন ৰাইজৰ মাজত এক আকষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে। নিজৰ প্ৰতিভাৰে তেওঁলোকে ভলুকা বাঁহৰে অসমীয়া সমাজত প্ৰচলিত  বিভিন্ন সামগ্ৰীৰ চকী-মেজ, টি-টেবুল, ষ্টুল, বিছনা, শ্ব-কেছ, ডাইনিং ছেট আদি সাজি উলিয়াই ব্যৱসায় চলাই আহিছে| ইয়াৰ দ্বাৰা অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক তেওঁলোকে এক সুকীয়া মৰ্যদা দি জীয়াই ৰখা ওপৰিও নিজেও স্বাৱলম্বী হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে|বৰ্তমান তেওঁলোকে সাজি উলিওৱা বাঁহৰ সামগ্ৰীয়ে সমাজত এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে| কুটীৰ শিল্প-কৰ্মৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে  স্বাৱলম্বীতা এক আদৰ্শ  ডাঙি ধৰিবলৈ  সক্ষম হোৱা বাৱে অলপতে অনুষ্ঠিত হৈ যোৱা আপকু’ৰ প্ৰতিষ্ঠা দিৱসত  তিনিচুকীয়া জিলা সমিতিৰ আপকু’ৰ তৰফৰ পৰা নৱকান্ত চলিহাক  ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

Related Articles