ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত মৌৱাটাৰীত নিশা সচেতন ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে যোৱা কিছুদিন ধৰি মৌৱাটাৰীৰ উঠি অহা কিছু যুবকে ড্ৰাগছৰ লগত জড়িত হৈ সমাজখনক এক অন্ধকাৰৰ পিনে ঠেলি দিয়া পৰিলক্ষিত হৈছে আনকি

কিছু যুবক এতিয়ালৈকে ৰঙা ঘৰৰ আলহী হৈ আছে
সমাজখনক এক সুন্দৰ পৰিবেশ তথা ড্ৰাগছ মুক্ত কৰাৰ উদ্দেশ্যৰে সচেতন ৰাইজ আৰু স্থানীয় যুবক সকলে এখন সজাগতা সভা পাতি এক শক্তিশালী সমিতি গঠন কৰে।

উক্ত সভাত উপস্থিত থাকে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতি,চাপৰ থানাৰ এছ আই দিজেন্দ্ৰ মেধী,চাপৰ পৌৰসভাৰ পৌৰপতি বিউটি ৰায় আৰু গাঁওখনৰ মুৰব্বীৰ লগতে স্থানীয় ৰাইজ

