Breaking

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত “হৰ ঘৰ ত্ৰিৰংগা” সফল কৰাৰ উদ্দেশ্যে সজাগতামূলক বৃহৎ ত্ৰিৰংগা যাত্ৰা…

0 80

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত “হৰ ঘৰ ত্ৰিৰংগা” সফল কৰাৰ উদ্দেশ্যে সজাগতামূলক বৃহৎ ত্ৰিৰংগা যাত্ৰা । আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “হৰ ঘৰ ত্ৰিৰংগা ” কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কামৰূপ জিলাৰ বেজেৰা পৰা আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যলয়লৈ এক সজাগতামূলক বাইক ৰেলী উলিওৱা হয় ৷

ভাৰতীয় যুৱ মৰ্চাৰ নেতৃত্বত কেইবা শতাধিক যুৱকে প্ৰতিখন দুচকীয়া বাহনতে ত্ৰিৰংগা লৈ অংশগ্ৰহণ কৰে এই বিশাল যাত্ৰাত ৷ উক্ত বাইকৰেলি মুকলি কৰে বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাই ৷ ৰেলিৰ মুকলিৰ পূৰ্বে এক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপি বেজেৰা মণ্ডলৰ সম্পাদক দ্বয় ৰুবুল দাস ভাস্কৰ জ্যোতি কলিতা ,ভাৰতীয় জনতা যুৱ মৰ্চা বেজেৰা মণ্ডলৰ সভাপতি নৃপেন থাথ সাধৰণ সম্পাদক মানৱেন্দ্ৰ ডেকা,প্ৰাক্তন ছাত্ৰ নেতা পংকজ বৰুৱা স্থানীয় গাঁওপ্ৰধান দণ্ডধৰ ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷

Leave A Reply