Breaking

পবিএ ঈদৰ দিনাই মুকলি হল এখন ঈদগাহ ফিল্ড। মুকলি হোৱাৰ দিনাই নামাজ পঢ়িলে ৫ হাজাৰ লোকে…

0 81

আজি পৱিত্ৰ ঈদ-উল-ফিটৰ। ইছলামধৰ্মী লোক সকলে ৰমজান মাহৰ ৩০ ৰোজাৰ অন্তত পালন কৰে ঈদ।শান্তি সম্প্ৰীতিৰ এই পবিত্ৰ উৎসৱে সকলোৰে মাজত কঢ়িয়াই আনে ভাতৃত্ববোধৰ বতৰা।আজিৰ এই পৱিত্ৰ দিনটোতেই মুকলি কৰা হল ডিব্ৰুগড় চাউলখোৱাত এখন ঈদগাহ। মুকলি হোৱাৰ দিনাই ঈদৰ নামাজৰ বাবে সমবেত হল প্ৰায় ৫ হাজাৰতকৈও অধিক ইছলামধৰ্মীয় লোক।প্ৰায় ১০ বছৰ ধৰি চেষ্টা চলোৱা এই ঈদগাহ খন আনুষ্ঠানিক ভাবে মুকলি কৰে ডিব্ৰুগড় চাউলখোৱা মছিজদৰ পেছ ইমাম জিয়াউৰ ৰহমানে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ এই ঈদগাহখনতো সমূহীয়াভাৱে নামাজ পঢ়ি বিশ্ব শান্তিৰ কামনা কৰে। সমাজত দেখা দিয়া বিভেদকামী মনোভাৱ পৰিহাৰ কৰি সমন্বয় আৰু শান্তিৰ পৰিৱেশ সৃষ্টি তাৰ বাবে আজি পৱিত্ৰ ঈদৰ দিনাই সমূহীয়াকৈ সংকল্প গ্ৰহণ কৰে।

Leave A Reply