পুত্ৰ-কন্যাৰ দ্বাৰা পিতৃ-মাতৃ এলাগী, অথবা বৃদ্ধ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থাকিবলৈ দিয়া অথবা বৃদ্ধ পিতৃ-মাতৃৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনা সঘনাই কাকত মাধ্যমত পঢ়িবলৈ পোৱা অথবা টেলিভিশ্যনৰ পৰ্দাত দেখিবলৈ পোৱা যায়। পিতৃ-মাতৃ নিজ পুত্ৰ-কন্যাৰ দ্বাৰা উপেক্ষিত ঘটনা দৈনন্দিন বৃদ্ধি পাই থকাৰ সময়তে গহপুৰৰ এজন যুৱকে দেখুৱাইছে মাতৃ স্নেহৰ অপুৰ্ব নিৰ্দশন। নিজৰ জীৱনটোক ভালদৰে বুজি পোৱাৰ সময়তে পিতৃক হেৰুওৱা গহপুৰ বড়িগাঁৱৰ ৰুদ্ৰ হাজৰিকাই দুই ভগ্নীক বিয়া দিয়াৰ পাছৰে পৰা অকলসৰীয়া মাতৃ অঞ্জলি হাজৰিকাৰ যত্ন লোৱাৰ উপৰিও তেখেতক সুখী কৰি ৰাখিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি মাতৃস্নেহৰ এক বিৰল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। টেলিভিশ্যনৰ ধাৰাবাহিকত অভিনয় কৰি ৰুদ্ৰসাগৰ হিচাপে পৰিচিত হোৱা ৰুদ্ৰ হাজৰিকাই নিজে বেছিসময় গুৱাহাটীত থাকিব লগা হোৱাৰ পৰিপ্ৰেক্ষিতত বড়িগাঁৱত জাকৈ নামৰ এখন ক্ষুদ্ৰ ৰেষ্টুৰেন্ট খুলি উক্ত ৰেষ্টুৰেন্টৰ পৰিচালনা কৰাৰ দ্বায়িত্ব মাতৃৰ হাতত অৰ্পন কৰি মাকক ব্যস্ত কৰি ৰখাৰ লগতে জাকৈ ৰেষ্টুৰেন্টত বয়োজ্যেষ্ঠৰ আড্ডাঘৰৰ মুকলিৰে বয়োজ্যেষ্ঠ পুৰুষ-মহিলাৰ সুখ-দুখৰ কথা-বতৰা পতাৰ লগতে গীত-মাতেৰে মনোৰঞ্জন কৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে বড়িগাঁৱৰ গোপিনিসকলৰ মাজত এগৰাকী সুকণ্ঠি নামতি হিচাপে পৰিচিত অঞ্জলি হাজৰিকাৰ গীতৰ চৰ্চা আব্যাহত ৰখাৰ বাবেই একমাত্ৰ পুত্ৰ ৰুদ্ৰসাগৰে জাকৈ ৰেষ্টুৰেণ্টৰ বয়োজ্যেষ্ঠৰ আড্ডাঘৰত দেওবাৰে সন্ধ্যা এক ব্যতিক্ৰমী সংগীতানুষ্ঠানৰ আয়োজন কৰে। গহপুৰৰ বিশিষ্ট দোতোৰা, বাদক উমা হাজৰিকা, খোল বাদক ৰামেশ্বৰ বৰা, ডগৰ বাদক বিপুল বৰুৱা আৰু বাঁহীবাদক দিগন্ত বৰাৰ সহযোগত ৰুদ্ৰসাগৰৰ মাতৃ অঞ্জলি হাজৰিকাই ৰাসৰ গীত, দিহানাম, লোকগীত আৰু বৰগীত পৰিৱেশনেৰে জাকৈৰ বয়োজ্যেষ্ঠৰ আড্ডাঘৰ জীপাল কৰি তোলে। উল্লেখ্য যে একমাত্ৰ মাতৃৰ সুখ তথা সংগীতৰ চৰ্চাৰ কাৰ্যক উদগনি দিয়াৰ উদ্দেশ্যৰে ৰুদ্ৰসাগৰে নিজাববীয়াকৈ উক্ত ব্যতিক্ৰমী সংগীতানুষ্ঠানৰ আয়োজন কৰে। মাতৃৰ উপৰিও অঞ্চলটি বয়োজ্যেষ্ঠ পুৰুষ মহিলা সকলৰ জীৱনৰ বিয়লি বেলাত অলপ সুখ, মানসিক সন্তুষ্টি দিয়াৰ উদ্দেশ্যৰে প্ৰতি দেওবাৰে জাকৈৰ আড্ডাঘৰত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছে ৰুদ্ৰসাগৰে।
Breaking
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বহু বছৰৰ পাছতো বলীউডৰ এই সুন্দৰী অভিনেত্ৰী সকলে সঠিকভাৱে হিন্দী ক’ব নোৱাৰে, প্ৰতিবাৰেই জিভা পিছলি যায়…
- মহম্মদ ছামীৰ পত্নী হাছিন জাহানে প্ৰধানমন্ত্ৰীক আবেদন জনাইছে; ‘ভাৰতৰ নাম সলনি কৰিবলৈ’! কিন্তু কিয়…
- স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় খেলুৱৈসকলে ত্ৰিৰংগা উত্তোলন কৰি সকলোৰে হৃদয় জয় কৰে। ইফালে, অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে…
- ব্যতিক্রমী ৰূপত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱস উদযাপন এখন বিদ্যালয়ৰ
- ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি হাজো মণ্ডল আৰু কিষান মৰ্চা হাজো মণ্ডলৰ উদ্যোগত বিশাল বাইক ৰেলী সম্পণ্ণ
- ধুবুৰীস্থিত ঐতিহাসিক পানবাৰী মছজিদ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণোজ পেগুয়ে…
- কোন কোন তাৰকাই নিজ ঘৰত পতাকা উত্তোলন কৰিলে। চাওক ভাললগা কেইটামান ভিডিঅ’…
- দেশৰ লগতে ধুবুৰী জিলাৰ নামনি ” অসম জাতীয় বিদ্যালয় ” তো উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন
- হাজোত আম আদমী পাৰ্টিৰ হাজো সমষ্টি সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন
- ব্যতিক্ৰমী পদক্ষেপেৰে বে- চৰকাৰী সংস্থা ৰূদ্ৰাক্ষ এটি নাম সহায়ৰ আজাদীকা অমৃত মহোৎসৱ পালন। বান বিধস্ত ৬০ টা দৰিদ্ৰ পৰিয়াল মাজত খাদ্য সামগ্ৰী বিতৰণ