Breaking

নিজৰ ঠাইখনৰ বাবে কিবা এটা কৰাৰ হেঁপাহ এজন ব্যতিক্ৰমী চিকিৎসকৰ…

0 21

বহু শিক্ষিত যুৱক যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি বিভিন্ন চৰকাৰী উচ্চ পদস্থ বিষয়া হৈ জীৱন নিৰ্বাহ কৰাৰ পাছত পাহৰি যায় নিজৰ আপোন মানুহখিনিৰ লগতে আপোন অঞ্চলটোৰ কথা । তেনে বহু উদাহৰণ আমাৰ সমাজত আজিও বিদ্যমান । কিন্তু এজন ব্যতিক্ৰমী চিকিৎসক । নাম তেওঁৰ ডা: বিমানজ্যোতি বৰা । নিজৰ গাঁওখনৰ , নিজৰ অঞ্চলটোৰ বাবে কিবা এটা কৰাৰ হেঁপাহ বিমান জ্যোতিৰ । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা ই, এন, টি বিভাগৰ পৰা বিশেষজ্ঞ চিকিৎসক হিচাপে ডিগ্ৰী লাভ কৰা বিমান জ্যোতিৰ আছে নিজৰ অঞ্চলটোৰ বাবে কিবা এটা কৰাৰ হেপাহ । তাৰেই লক্ষ্য হিচাপে ডা: বিমান জ্যোতি বৰায়ে নিজৰ জন্মস্থান ধিঙতো আৰম্ভ কৰিছে হেলথ মাল্টি ষ্পেচেয়েলিটি ক্লিনিক নামৰ এক চিকিৎসা প্ৰতিষ্ঠান ।

য’ত অঞ্চলটোৰ বহু দৰিদ্ৰ ৰোগীয়ে লাভ কৰিব কেইবাটাও ৰোগৰ বিনামূলীয়া পৰীক্ষা । তাৰোপৰি বিমান জ্যোতিৰ লগতে কেইবাজনো বিশেষজ্ঞ চিকিৎসকে প্ৰদান কৰিব ৰাইজক চিকিৎসাসেৱা । সেই অনুসৰি আজিৰে পৰা ধিং চহৰৰ মাজ মজিয়াত শুভাৰম্ভ কৰা হয় হেলথ মাল্টি ষ্পেচিয়েলিটি ক্লিনিক নামৰ এক চিকিৎসা প্ৰতিষ্ঠানৰ । যাৰ দ্বাৰা উপকৃত হব বৃহত্তৰ ধিং অঞ্চলৰ ৰাইজ । ডা: বিমান জ্যোতি বৰাৰ এনে সৎ প্ৰচেষ্টাক একেমুখে প্ৰশংসা কৰিছে ধিং বাসী ৰাইজে । উল্লেখ্য যে, যি সমুহ পৰীক্ষা আৰু চিকিৎসাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ২৬ কিলোমিটাৰ অতিক্ৰমী যাব লগীয়া হৈছিল নগাঁও চহৰলৈ।

Leave A Reply