বিহুৰ আনন্দৰ মাজতে জেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনায় আশীষ বিচাৰিলে আৰক্ষী বিষয়া গৰাকীয়ে।ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ আনন্দ। ভোগালীৰ আনন্দৰ মাজতে মুকালমুৱাৰ আদাবাৰীত এগৰাকী আৰক্ষী বিষয়াৰ ব্যতিক্ৰমী পদক্ষেপ।

মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত আদাবাৰী পহৰা চকীৰ আৰক্ষী বিষয়া তৰণী দাসৰ ব্যতিক্ৰমী পদক্ষেপ। ভোগালী বিহু উপলক্ষে অঞ্চলটোৰ জেষ্ঠ নাগৰিক সকলক সম্বৰ্ধনা জনায় তেওঁলোকৰ পৰা আশীষ বিচাৰিলে আৰক্ষী বিষয়া তৰণী দাসে। আদাবাৰী, সূতাৰকুছি, লোহাৰককাঠাকে ধৰি অঞ্চলটোৰ কেইবাখনো গাৱঁৰ প্ৰায় ২০ গৰাকী জেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনায়।

আদাবাৰী পহৰা চকীৰ চৌহদত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন কৰি জেষ্ঠ নাগৰিক সকলক সম্বৰ্ধনা জনোৱাত আৰক্ষী বিষয়া তৰণী দাসৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰসংশা কৰে স্থানীয়লোক সকলে। পহৰা চকীৰ IC তৰণী দাসে জেষ্ঠ নাগৰিক সকলৰ পৰা আশীষ বিচাৰি নিজৰ মত ব্যক্ত কৰে।

