Breaking

বৃহত্তৰ কোকিলা, জাউবাৰী ৰঙাপানীত দেখা গৈছে এক ব্যতিক্ৰমী মনোৰম দৃশ্য

0 157

আজি আকৌ এবাৰ মনত পৰিল সৰুতে পঢ়া এটা কবিতা –
‘শুৱনি আমাৰ গাওঁখন অতি, শুৱনি গছেৰে ভৰা। ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা।’
এই কবিতা ফাঁকিৰ হুবহু চিত্ৰ বন্দী হৈছে আমাৰ কেমেৰাত। বৃহত্তৰ কোকিলা, জাউবাৰী ৰঙাপানীত দেখা গৈছে এক ব্যতিক্ৰমী মনোৰমা দৃশ্য। কৃষ্ণচূড়া, ৰাধা চূড়া,এজাৰ, সোনাৰু, ৰজনী গান্ধা, দৰে বহু ফুল মুকলি আকাশ ৰঙীল কৰি তুলিছে কোকিলাৰ।

মুকলি আকাশৰ তলত ফুলি থকা এনে নয়ন ভৰা প্ৰকৃতিৰ নান্দনিক দৃশ্যই বিভোৰ হৈ পৰিছে কোকিলা বাসী। এনে পৰিৱেশে মনটো যেন এক আনন্দময় কৰি তুলিছে।


এই ফল ফুলৰ সুৱাসে হাত বাউল দি মাতিছে সকলোকে। কোকিলাৰ এই দৃশ্যই যেন সকলোৰে মন ফুলৰ সুৱাসে পুলকিত কৰি তুলিছে। আলোকিত কৰি তুলিছে কোকিলাবাসীক। বহু পৰিয়ালৰ ঘৰত ফুলিছে নানা ৰংবিৰংৰ ফুল। লৰাছোৱালী, বোৱাৰী জীয়ৰি সকলোৱে ফটো লোৱাত ব্যস্ত।

Leave A Reply