Breaking

ৰঙিয়াৰ এখন আদৰ্শ চৰকাৰী বিদ্যালয় ! অঞ্চলটোৰ কোনো ল’ৰা-ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নপঢ়ে…

0 59

ৰঙিয়াৰ এখন আদৰ্শ চৰকাৰী বিদ্যালয় । এই বিদ্যালয়খন হৈছে ৰঙিয়াৰ বৰকুকুৰীয়া নোনাপাৰ প্ৰাথমিক বিদ্যালয় । এইখন আদৰ্শ বিদ্যালয়ৰ বাবে এই অঞ্চলটোৰ কোনো ল’ৰা-ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নপঢ়ে ।

এই বিদ্যালয়খনৰ সুন্দৰ চৌহদত আছে শাকনিবাৰী আৰু ফুলৰ বাগিচা । ইয়াৰ উৎপাদিত পাচলি ছাত্র-ছাত্ৰী সকলক মধ্যাহ্ন ভোজনত খুওৱা হয় ।

শ্ৰেণীকোঠাৰ ভিতৰত ছাত্র-ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ সুন্দৰকৈ চিত্ৰাংকন কৰা হৈছে । বিদ্যালয়খনত আছে ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু দুগৰাকী শিক্ষক । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাই এইখন চৰকাৰী বিদ্যালয়ে অভিভাৱকৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে ।

Leave A Reply