গোলাঘাটত সম্ভেদপোৱা গৈছে ঐতিহাসিক যুগৰ এক প্ৰত্নতাত্ত্বিক সম্পদ।নদীত পোঁত গৈ থকা অৱস্থাত পোৱা গৈছে ৩০০ ৰ পৰা ৪০০ বছৰ পুৰণি এখনি নাওঁ। গোলাঘাটৰ ৰঙাজান গ্ৰান্টস্থিত শালমৰাটোপ গাঁৱত উদ্ধাৰ নাওঁখন।ধনশিৰি নদীৰ বুকুত পোঁত গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনক অৱগত কৰে নাওঁখনৰ বিষয়ে। পুৱাই সেই স্থানত গোলাঘাট জিলা প্ৰশাসন,প্ৰত্নতাত্বিক বিভাগৰ লোক,এচডিআৰএফ বাহিনী আৰু বিধায়ক মৃণাল শইকীয়া উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। বৰ্তমান নাওঁখন উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও এচডিআৰএফ আৰু প্ৰত্নতাত্বিক বিভাগৰ লোকে অব্যাহত ৰাখিছে প্ৰচেষ্টা। অৱশ্যে নাওঁখনৰ এটি ভগ্নাৱশেষ এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে।নাওঁ খন প্ৰায় ৫০ ফুট দৈৰ্ঘ্যৰ হ’ব বুলি অনুমান কৰা হৈছে।

