মুকালমুৱাৰ বিশেষ ভাবে সক্ষম এগৰাকী বৃদ্ধাৰ নিৰুদ্দেশৰ ঘটনা।
বৃদ্ধা গৰাকীক বিছাৰি নাপাই কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক।
উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে কাষ চাপিল সংবাদ মাধ্যমৰ ওচৰত।
পেটৰ আৰ্তনাদত খুজি মাগি খোৱা মুকালমুৱাৰ গলদীঘলাৰ বিশেষ ভাবে সক্ষম এগৰাকী বৃদ্ধাৰ নিৰুদ্দেশৰ ঘটনা।গলদীঘলাৰ বিশেষভাবে সক্ষম মায়মতী কৈৱৰ্ত্ত নামৰ বৃদ্ধা গৰাকীয়ে যোৱা ১২ তাৰিখে দুবেলা দুমুঠিৰ বাবে ঘৰৰ পৰাই ওলাই যায়।
কিন্তু দুনাইবাৰ ঘৰলৈ উভতি নাহিল। মায়মতী কৈৱৰ্ত্তই বিশেষ ভাবে সক্ষম আছিল। মায়মতী কৈৱৰ্ত্তক সন্ধান বিছাৰি পৰিয়ালৰ লোকে আদাবাৰী পহৰা চকীত এজাহাৰ দাখিল কৰিছিল যদিও এতিয়ালৈকে কোনো সন্ধান নাপাই। উপায়ন্তৰ হৈ মায়মতী কৈৱৰ্ত্তৰ পৰিয়ালৰ লোকে কাষ চাপিল সংবাদ মাধ্যমৰ ওচৰত।মায়মতী কৈৱৰ্ত্তৰ সন্ধান পালে ৮১৩৫৯৮৮৬৬৭ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।



