ধৰিত্ৰী আইৰ বুকুত বিৰাজ কৰা অপায় অমঙ্গল ,অসূয়া-অশান্তি দূৰ কৰি শান্তিৰ অমৃত ধাৰা বোৱাই অনাৰ কামনাৰে ছিপাঝাৰৰ গৰুখুটিত বাৰ্ষিক শ্ৰীশ্ৰী মদ্ভাগৱত অখণ্ড পাঠ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । স্থানীয় ৰাজাপুখুৰী হৰি মন্দিৰপ্ৰাঙ্গনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই শ্ৰীশ্ৰী মদ্ভাগৱত অখণ্ড পাঠ অনুষ্ঠান ।গৰুখুঁটি আঞ্চলিক ভাগবত চক্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত শ্ৰীশ্ৰীমদ্ভাগৱত অখণ্ড পাঠ অনুষ্ঠানৰ দেওবাৰে পুৱা বন্তি প্ৰজ্জ্বলন, পৰিবেশ নিকাকৰণ, গৰুখুটি আঞ্চলিক ভাগবত চক্ৰৰ পতাকা উত্তোলন, জগন্নাথৰ ধৰ্মধ্বজা উত্তোলন, ভাগবত স্থাপনআদি কাৰ্যসূচী ৰূপায়ন কৰা হয় । ইফালে ভাগৱত ভ্ৰমণ ,শোভাযাত্ৰা অনুষ্ঠানত স্থানীয় মহিলা তথা যুৱক যুৱতী সকলে অংশ গ্ৰহণ কৰে ।

বিভিন্ন কাৰ্যসূচীৰ লগতে মঙ্গল বাৰে ধৰ্মালোচনী সভা ,নাগাৰানামৰ প্ৰদৰ্শনেৰে সামৰণি পৰিব এই শ্ৰীশ্ৰীমদ্ভাগৱত অখণ্ড পাঠ অনুষ্ঠানৰ ৷

