“তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাইছো, অনামিকা দুৱৰা” আদি জনপ্ৰিয় কবিতাৰ স্ৰষ্টা যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি পল শেনচোৱাৰ কালি ৩৭ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লয়। কালিৰ পৰা পেটৰ বিষত আক্ৰান্ত কবি জনৰ স্বাস্থ্যৰ আকস্মিক অৱনতি ঘটাত কালি পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ সৃষ্টি নাৰ্চিং হোমত ভৰ্তি কৰায় যদিও নিশা ৮ বজাত ডিব্ৰুগড়তে শেষ নিশ্বাস ত্যাগ কৰে। এসময়ত জনপ্ৰিয় আলোচনী, “মায়া” ৰ সহ সম্পাদকৰ দ্বায়িত্ব পালন কৰা শেনচোৱাৰ বহু কবিতা জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে আবৃত্তি কৰিছিল। বিশেষকৈ তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাইছো, অনামিকা দুৱৰাৰ সতে মোৰ অন্তিম আলাপ ইত্যাদি কবিতাই ৰাজ্যজুৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গড়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুলসী শেনচোৱাৰ একমাত্ৰ পুত্ৰ পল শেনচোৱাই মৃত্যুৰ সময়ত পিতৃ মাতৃ আৰু পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে। জনপ্ৰিয় কবিজন যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

