দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত ৯৫.৫% লাভ কৰি বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে অনামিকা ৰিয়া দত্তই …

সদ্যঘোষিত CBSE ৰ ফলাফলে বিহালী সমষ্টিতলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে ।
বিশ্বনাথ চাৰিআলি ইষ্ট ইন্দিয়া স্কুলৰ ছাত্ৰী অনামিকা ৰিয়া দত্তই মুঠ ৫০০ নম্বৰৰ ভিতৰত ( ৪৭৫ ) নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

ইফালে ছাত্ৰী গৰাকীয়ে সাংবাদিক আগত প্ৰকাশ কৰে যে ভৱিষ্যত এগৰাকী সু-চিকিৎসক হোৱা পৰিকল্পনা কৰা লগতে পঢ়া বাহিৰেও ছাত্ৰী গৰাকী ছবি অংকন, মাতৃক ঘৰুৱা কামত সহায় সহযোগিতা কৰি দিয়াৰ কথা কয়। অনামিকা ৰিয়া দত্ত বিহালী সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত কনিষ্ঠ ভাতৃ সঞ্জীৱ দত্ত আৰু অৰ্চনা দত্তৰ জীয়ৰী।


আনহাতে অনামিকা ৰিয়া দত্তক পঢ়া শুনা সময়ত পিতৃ হিচাপে সময় দিব পৰা নাই যদিও অনামিকাই মাতৃ আৰু তাই যি প্ৰচেষ্টা ফলাফল কঢ়িয়াই আনিলে তাক লৈ সুখী বুলি মন্তব্য কৰে অনামিকা ৰিয়া দত্তই।

Related Articles