Anand Mishra: কংগ্ৰেছৰ দুৰ্গ খহাই বক্সাৰত বিজয় ধ্বজা প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ

আৰক্ষী বিষয়াৰ (Anand Mishra) পৰা ৰাজনীতিকলৈ এক বৰ্ণাঢ্য যাত্ৰা। কংগ্ৰেছৰ দুৰ্গ হিচাবে পৰকিচিত বক্সাৰত বিজয় ধ্বজা উৰৱালে প্ৰাক্তন আই পি এছ বিষয়া তথা বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰই। হয়, অৱশেষত সপোন পূৰণ কৰিলে প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰই। অসমত কাৰ্যনিৰ্বাহ কৰা আনন্দ মিশ্ৰই আই পি এছৰ চাকৰিৰ পৰা ভি আৰ এছ লৈছিল অৱশেষত সেই লক্ষ্যত উপনীত হ’ল।

বিহাৰৰ নিৰ্বাচনত আজি ভাগ্য উদয় হ’ল আনন্দ মিশ্ৰৰ । বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা জয়ী হ’ল প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ । কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰই জয়লাভ কৰে ।আৰক্ষী অধীক্ষক হিচাপে অসমত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰই ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ বাবেই ত্যাগ কৰিছিল চাকৰি । আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পৰিধান কৰিছিল । নিজা গৃহৰাজ্য বিহাৰত চলিত বৰ্ষৰ ১৯ আগষ্টত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগ দিছিল আনন্দ মিশ্ৰই ।

লক্ষণীয় বিষয় যে আনন্দ মিশ্ৰই পূৰ্বে প্ৰশান্ত কিশোৰৰ দল জন স্বৰাজ পাৰ্টীত সক্ৰিয় হৈ আছিল আৰু যুৱ শাখাৰ সভাপতিৰ দায়িত্বও চম্ভালিছিল । কিন্তু সন্তুষ্টি নাপাই এবছৰৰ ভিতৰতে আনন্দ মিশ্ৰই দল সলনি কৰি বিজেপিত যোগ দিছিল । প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ ৰাজনীতিৰ যাত্ৰাত আছে বহু উত্থান-পতনৰ কাহিনী । ৰাজনীতিত কেৰিয়াৰ গঢ়াৰ বাবে আনন্দ মিশ্ৰই অসমত আই পি এছৰ লোভনীয় চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ ৰাজনীতিৰ পথাৰত খোজ দিছিল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো আনন্দ মিশ্ৰই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

জন স্বৰাজ পাৰ্টীত যোগদান কৰিছিল আনন্দ মিশ্ৰই ।বিহাৰৰ ৰাজনীতিত বিকল্প দাঙি ধৰিবলৈ জন স্বৰাজ দলত যোগদান কৰাৰ পিছত আনন্দ মিশ্ৰই যুৱক-যুৱতীসকলৰ মাজতো ক্ৰমান্বয়ে জনপ্ৰিয়তা লাভ কৰিছিল । লক্ষণীয় বিষয় যে লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে চাকৰিৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লৈ বিহাৰৰ স্বগৃহলৈ উভতি গৈছিল আনন্দ মিশ্ৰ । বক্সাৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ হাবিয়াস কৰিছিল আনন্দ মিশ্ৰই ।

পৰৱৰ্তী সময়ত আনন্দ মিশ্ৰৰ সলনি বিজেপিয়ে বক্সাৰত প্ৰক্ষেপ কৰিছিল মিথিলেশ তিৱাৰীক । বিজেপিৰ পৰা টিকট নাপালেও তেওঁ সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল । বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল । কিন্তু তথাপিও থমকি ৰোৱা নাছিল । কিন্তু বিধানসভা নিৰ্বাচনত জয়ী হল ানন্দ মিশ্ৰ।

Related Articles