Breaking

অৱশেষত অসম এৰিলে আনন্দ মিশ্ৰই , জন্মভূমি বিহাৰত উপস্থিত…

0 23

অৱশেষত বিহাৰলৈ গুচি গ’ল আইপিএছ আনন্দ মিশ্ৰই৷ শনিবাৰে পুৱা ৯ বাজি ১৫ মিনিটত ইণ্ডিগ’ বিমানৰে মিশ্ৰই বিহাৰলৈ বুলি যাত্ৰা কৰে৷ বিহাৰত উপস্থিত হৈয়েই তেওঁ কয় যে এজন নাগৰিক হিচাবে তেওঁ সমাজৰ হিতৰ বাবে কাম কৰি যাব৷ বিহাৰৰ বাবে কিবা এটা কৰাৰ ইচ্ছা আছে বুলিও তেওঁ প্ৰকাশ কৰে৷

আজি দিনৰ ভাগত বিহাৰত উপস্থিত হোৱাৰ পিছতে আনন্দ মিশ্ৰই বিহাৰত উপস্থিত হোৱাৰ ছবি শ্বেয়াৰ কৰে৷উল্লেখ্য চাকৰি কাল শেষ হ’বলৈ বাকী থকাৰ পূৰ্বেই অৱসৰ বিচাৰি আনন্দ মিশ্ৰই আবেদন জনাইছিল৷ আনন্দ মিশ্ৰই বিগত বৰ্ষৰ ১৮ ডিচেম্বৰতে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তেওঁৰ পদত্যাগৰ ইচ্ছাৰ কথা জনাইছিল।২০১১ ৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ আনন্দ মিশ্ৰই স্বাধীনভাৱে সামাজিককাম-কাজ চলাই যোৱাৰ বাবেই পদত্যাগ কৰিব বিচাৰিছিল বুলি উল্লেখ কৰিছিল৷ জানিব পৰা মতে আনন্দ মিশ্ৰই বিহাৰত ৰাজনীতিৰ সৈতে জড়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ তেওণ বিজেপিত যোগদান কৰিব পাৰে বুলিও বহুদিন ধৰি চৰ্চা চলি আহিছে৷

Leave A Reply