Breaking

বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

0 28

বিজেপিত যোগ দিব বুলি মিছা মাতিছিল আনন্দ মিশ্ৰই, আনন্দ মিশ্ৰৰ ধৈৰ্য শক্তি কম; এতিয়া লালুপ্ৰসাদ আৰু কংগ্ৰেছৰ পৰা চুপাৰি লৈ বিজেপিৰ বিৰুদ্ধে কাম কৰিছে প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰই! বিহাৰৰ বক্সাৰৰ নিৰ্বাচনী সভাত আনন্দ মিশ্ৰক সমালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰা আনন্দ মিশ্ৰই কিছুদিন পূৰ্বে ভিআৰএছ লৈছিল। আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

বিহাৰৰ বক্সাৰৰ এক নিৰ্বাচনী অনুষ্ঠানত আনন্দ মিশ্ৰক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এটা কথা জানি লওক যিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে কংগ্ৰেছ বা লালু প্ৰসাদ যাদৱৰ পৰা চুপাৰী লৈ এই কাম কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে, নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিহাৰত আনন্দ মিশ্ৰক এইদৰে কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply