Breaking

অনন্ত আম্বানীৰ প্ৰি-ৱেডিং অনুষ্ঠান আৰম্ভ! অতিথি তালিকাত বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গ, ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্প, ভূটানৰ ৰজা…

0 62

২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ ৰিলায়েন্সৰ বছ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু এংকৰ হেল্থকেয়াৰৰ চিইঅ’ বিনোদ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ বাগ্দান হয়। তেতিয়াৰ পৰাই দুয়োজন ব্যক্তিৰ বিয়াৰ তাৰিখ সম্পৰ্কে বিভিন্ন খবৰ সামাজিক মাধ্যমত প্ৰচাৰ হ’বলৈ ধৰিলে। অনন্ত-ৰাধিকাৰ বিয়া চলিত বৰ্ষৰ জুলাই মাহত। ইতিমধ্যে তেওঁলোকৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ হৈছে। অহা ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ জামনগৰস্থিত আম্বানীহঁতৰ ঘৰত এই উদযাপন অব্যাহত থাকিব। এই উদযাপনত দেশ-বিদেশৰ বহু অভিজাত ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত কোন কোন উপস্থিত থাকিব জানেনে? শুনা যায় যে মাইক্ৰ’ছফ্টৰ চিইঅ’ বিল গেটছ, মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ, ব্লেকৰকৰ চিইঅ’ লেৰী ফিংক, ডিজনীৰ চিইঅ’ বব ইগাৰ, এড’বৰ চিইঅ’ শান্তনু নাৰায়ণ, ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্প, বেংক অৱ আমেৰিকাৰ চেয়াৰমেন ব্রায়ান থমাছ ময়নিহান, ভূটানৰ ৰজা ৰাণী অনন্তৰ দৰে লোক৷

বিল গেটছৰ পৰা ইভাংকা ট্ৰাম্পলৈকে, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিঙৰ অতিথি তালিকাত আছে।ইতিমধ্যে যোৱা ১৬ ফেব্ৰুৱাৰীত জামনগৰত অনন্ত-ৰাধিকাৰ ‘লগান লাকভানু’ অনুষ্ঠান সম্পূৰ্ণ হৈছে। এই গুজৰাটী অনুষ্ঠানত দৰা-কইনা বিবাহ কাৰ্ড ভগৱানৰ ওচৰলৈ লৈ যায় আৰু সফল বিবাহৰ বাবে প্ৰাৰ্থনা কৰে। অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলো উপস্থিত থাকিব। অনুষ্ঠানত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটেও নৃত্য প্ৰদৰ্শন কৰিব।


ৰাধিকা আৰু অনন্তই সৰুৰে পৰা চিনাকি আছিল। অনন্তক প্ৰায়ে ভাল বন্ধু ৰাধিকাৰ সৈতে বিভিন্ন অনুষ্ঠানত দেখা গৈছিল। কিন্তু প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ বিবাহৰ লগে লগে অনন্তৰ সৈতে ৰাধিকাৰ বিবাহৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছিল। যোধপুৰত প্ৰিয়ংকা-নিকৰ বিয়াতো আম্বানী পৰিয়ালৰ সৈতে উপস্থিত আছিল ৰাধিকা। ৰাধিকাই আম্বানী পৰিয়ালৰ সৈতে মুম্বাইত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ অভ্যৰ্থনা অনুষ্ঠানতো অংশ লৈছিল।

Leave A Reply