অসমীয়া লোক-কলা সংস্কৃতিৰ ক্ষেত্ৰ খনত চহকী কৰি তোলা এজন আজন্ম শিল্পী হ’ল নগাঁও জিলাৰ বেবেজীয়া নিৱাসী তথা শংকৰী কলা কৃষ্টিৰ সাধক অনন্ত হাজৰিকা ৷ জীৱনৰ তিনি কুৰি ষোল্লটা বসন্তই (৭৬) শংকৰী কলা কৃষ্টিৰ সাধনাত ব্যস্ত থকা সাধক অনন্ত হাজৰিকাই শৈশৱৰ পৰাই কৰি আহিছে সংস্কৃতিৰ চৰ্চা ৷ সত্ৰীয়া পৰিবেশত শৈশৱৰ পৰাই সংস্কৃতিৰ মোহত পৰি গুৰুদুজনাৰ বৰগীত চৰ্চাৰ পৰা অংকীয়া ভাওনাৰ শৈলী,লোকগীত,নামাচাৰ্য,খোল বাদনকে ধৰি কৃষ্টিৰ পথাৰত স্বপ্ৰতিভা প্ৰকাশ কৰি আহিছে ৷ কৃষ্টিৰ মোহনাত সপ্তসুৰৰ ঝংকাৰে উদ্ভাসিত নগঁঞা শিল্পী অনন্ত হাজৰিকাই সত্ৰীয়া কৃষ্টিৰ পৰা আধুনিক শৈলী লৈকে সকলোতে পাৰদৰ্শিতা আৰু নিপুনতাৰ পৰিচয় দিয়া এইজনা শিল্পীয়ে অবিভক্ত নগাঁও জিলাত অংকীয়া ভাওনাত সূত্ৰধাৰ নৃত্যকে ধৰি বিভিন্ন অভিনয়ৰ স্বাক্ষৰ বহন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,বেবেজীয়া গাৱঁত শ্ৰীকৃষ্ণৰ কেলিগোপাল নাটক অনন্ত হাজৰিকাৰ নিজা উদ্যোগতে আৰম্ভ হৈ আজিও অব্যাহত আছে ৷ স্মতৰ্ৱ্য যে,কৈশোৰ অৱস্থাতে ৰাম বিজয় ভাওনাত অভিনয়ৰ প্ৰথম পাতনি মেলা অনন্ত হাজৰিকাই বিভিন্ন সময়ত হৰিচন্দ্ৰ-উপাখ্যান,সাবিত্ৰী- সত্যবান,নলদময়ন্তী,দুৰ্যোধনৰ-উৰুভংগ,শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান,কুৰুক্ষেত্ৰ- সমৰ,দক্ষ্যযজ্ঞ,লক্ষণ- বৰ্জন,সীতাৰ- বনবাস,ঊব্বৰ্শী- উদ্ধাৰ,মায়াচন্দন কে আদি কৰি দুকুৰিৰো অধিক অংকীয়া ভাওনাকে ধৰি হৰিচন্দ্ৰ পালা ভাওনা আৰু মঞ্চ থিয়েটাৰ আদিত সুদক্ষ অভিনয় প্ৰদৰ্শন কৰি দৰ্শক ৰাইজক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ নেতৃত্বতেই বেবেজীয়াত পুস্পজ্যোতি যাত্ৰা পাৰ্টি মুকলি কৰি ৰাজ্যৰ বিভিন্ন স্থানত নিজে অভিনয় কৰাৰ লগতে অন্যান্য সকলক অভিনয় কৰাবলৈ সক্ষম হৈছিল ৷ তাৰোপৰি তেখেতৰ অপ্ৰাণ চেষ্টাতে বেবেজীয়াত এটি শিল্প সাধনাৰ কেন্দ্ৰ হিছাপে ৰংগমঞ্চ নিৰ্মাণ কৰি বৰ্তমান অঞ্চলৰ নৱ প্ৰজন্মৰ যুৱক যুৱতীক শিল্প সাধনা কৰিবলৈ অনুপ্ৰেৰণা যোগাই আহিছে ৷ প্ৰনিধানযোগ্য যে,বেবেজীয়া গাঁৱতে জন্ম লাভ কৰি গাঁৱৰ বোকামাটিৰ লগত ডাঙৰ দীঘল হৈ শৈশৱৰ পৰা নাট্য জগতৰ লগত জড়িত হৈ আজিলৈকে ৰজাঘৰীয়া পৰা কোনো ধৰনৰ আৰ্থিক সাহায্য লাভ নকৰা আজন্ম শিল্পী জনে জীৱনৰ খলাবমা পথত জীৱন সংগ্ৰাম কৰোতে সাংস্কৃতিক পথাৰখনত সময়ে সময়ে থমকি ৰব লগা ক্ষণবোৰক লৈ শিল্পী জনে আক্ষেপ কৰে ৷ শংকৰী কলা কৃষ্টিৰ সাধনত ব্ৰতী হৈ অহা এইগৰাকী শিল্পীক আজিলৈকে ৰজাঘৰীয়া অভিলাষী শিল্পীৰ আচঁনিয়ে ঢুকি নাপালে ৷ অথচ ৰজাঘৰ প্ৰজাঘৰৰ পৰা কোনো স্বীকৃতি লাভ নকৰিলেও শিল্পী গৰাকীয়ে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে ৷ এইজনা অশীতিপৰ আজন্ম শিল্পীক চৰকাৰৰ সাংস্কৃতিক বিভাগে শীৰ্ঘে শিল্পী পেঞ্চন দিবলৈ বেবেজীয়া অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগতে সাংস্কৃতিক প্ৰেমী ৰাইজে দাবী জনাইছে ৷
Breaking
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বহু বছৰৰ পাছতো বলীউডৰ এই সুন্দৰী অভিনেত্ৰী সকলে সঠিকভাৱে হিন্দী ক’ব নোৱাৰে, প্ৰতিবাৰেই জিভা পিছলি যায়…
- মহম্মদ ছামীৰ পত্নী হাছিন জাহানে প্ৰধানমন্ত্ৰীক আবেদন জনাইছে; ‘ভাৰতৰ নাম সলনি কৰিবলৈ’! কিন্তু কিয়…
- স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় খেলুৱৈসকলে ত্ৰিৰংগা উত্তোলন কৰি সকলোৰে হৃদয় জয় কৰে। ইফালে, অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে…
- ব্যতিক্রমী ৰূপত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱস উদযাপন এখন বিদ্যালয়ৰ
- ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি হাজো মণ্ডল আৰু কিষান মৰ্চা হাজো মণ্ডলৰ উদ্যোগত বিশাল বাইক ৰেলী সম্পণ্ণ
- ধুবুৰীস্থিত ঐতিহাসিক পানবাৰী মছজিদ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণোজ পেগুয়ে…
- কোন কোন তাৰকাই নিজ ঘৰত পতাকা উত্তোলন কৰিলে। চাওক ভাললগা কেইটামান ভিডিঅ’…
- দেশৰ লগতে ধুবুৰী জিলাৰ নামনি ” অসম জাতীয় বিদ্যালয় ” তো উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন
- হাজোত আম আদমী পাৰ্টিৰ হাজো সমষ্টি সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন
- ব্যতিক্ৰমী পদক্ষেপেৰে বে- চৰকাৰী সংস্থা ৰূদ্ৰাক্ষ এটি নাম সহায়ৰ আজাদীকা অমৃত মহোৎসৱ পালন। বান বিধস্ত ৬০ টা দৰিদ্ৰ পৰিয়াল মাজত খাদ্য সামগ্ৰী বিতৰণ