Breaking

চাপৰ ৰাজহ চক্ৰৰ তহচিল বিভাগত চলিছে অৰাজকতা

0 2,024

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তহচিল বিভাগে দীৰ্ঘ দিনৰ পৰা মাটিৰ খাজনা দিবলৈ অহা সাধাৰণ জনতাক হাৰাশাস্থি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বৃহত্তৰ অঞ্চলৰ ৰাইজে চৰকাৰী নিৰ্দেশ অনুযায়ী বছৰেকীয়া ভুমিৰ খাজনা দিবলৈ আগবাঢ়ি আহে যদিও প্ৰতিদিনে কাৰ্যালয়ত সময় মতে উপস্থিত নহয় বিষয়া কৰ্মচাৰী সকল । বিভিন্ন অঞ্চলৰ পৰা খাজনা পৰিশোধ কৰিবলৈ অহা ৰাইজে খাজনা দিবলৈ আহি বিমুখ হৈ উভতি যোৱাৰ অভিযোগ উদত্থাপন ।খাজনা লবলৈ কৰ্মচাৰী সকলে যি ক্ষিপ্ৰতা দেখুৱাব লাগিছিল তাকে নকৰি শামুকীয়া গতিৰে খাজনা লোৱা বুলিও অভিযোগ উদত্থাপিত হৈছে।যাৰ বাবে ৰাতিপুৱা খাজনা দিবলৈ অহা ৰাইজ দিনৰ দিনটো অতিবাহিত কৰাৰ পিছত বিমুখ হৈ উভতি যাব লগা হৈছে।জানিব পৰা মতে কাৰ্যালয়টোত চাৰিগৰাকী বিষয়া কৰ্মৰত নিয়োজিত হৈ আছে, তেখেতৰ নাম ক্ৰমে ৰমেন দাস, নিখিল ব্ৰহ্ম, শীলা চক্ৰবৰ্তী আৰু নমিতা দাস । কিন্তু ৰাতিপুৱা ১১ বজাৰ পিছত কেৱল মাত্ৰ নমিতা দাসক হে কাৰ্যালয়ত উপস্থিত থকা পৰিলক্ষিত হল। বাকি কৰ্মচাৰী সকল চৰকাৰৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই সময়ত কাৰ্যালয়ত উপস্থিত নহোৱাত যামৰ যাতনা ভুগিছে স্হানীয় ৰাইজ।যি সময়ত সাধাৰণ জনতাই নিজৰ মাটিৰ কৰ আদায় দিয়াত নিজৰ দায়িত্ব পালন কৰা দেখা গৈছে তেনে সময়ত এই সকল বিষয়া কৰ্মচাৰীৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক।গতিকে এই সকল কৰ্তব্যত ফাকি দি অহা বিষয়া কৰ্মচাৰীৰ ওপৰত বিহীত ব্যৱস্থা গ্রহন কৰিবলৈ ৰাজহ মন্ত্ৰীক দাবী জনাইছে সচেতন মহলে ।

Leave A Reply