শিৱসাগৰত শিক্ষামন্ত্ৰীৰ মোবাইল বিতৰণ, কাৰ্যসূচীপ্ৰায় ৯০ গৰাকী অংগনবাদী কৰ্মীক লাভা Android ম’বাইল প্ৰদান । Android Mobile

Android Mobile । শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফ্যা সভাকক্ষত আজি এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত জিলাৰ প্ৰায় ১২০০টা অংগনবাদী কেন্দ্ৰৰ মাজৰ পৰা প্ৰথম পৰ্যায়ত ৯০ গৰাকী অংগনবাদী মহিলা কৰ্মীক লাভা Android ম’বাইল ফোন বিতৰণ কৰা হয়।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল — অংগনবাদী কেন্দ্ৰসমূহ অধিক কার্যকৰীভাৱে পৰিচালনা কৰা, আধুনিক প্ৰযুক্তিৰ সহায়ত চৰকাৰী পৰ্যবেক্ষণ প্ৰণালী অধিক সুসংগঠিত কৰা, আৰু কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ জৰিয়তে শিশু বিকাশ আৰু পুষ্টিৰ ক্ষেত্ৰত উন্নত সেৱা নিশ্চিত কৰা।

অনুষ্ঠানটোত শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী, বিভাগীয় বিষয়া, আৰু অংগনবাদী বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে। লগতে, বিজেপিৰ জিলা সভাপতি বিতুপন ৰাইদঙীয়া, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, টাই আহোম জনগোষ্ঠীৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, আৰু আমগুৰিৰ বিধায়ক তথা অগপ নেতা প্ৰদীপ হাজৰিকাই এই বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বক্তাসকলে ম’বাইল ফোনৰ ব্যৱহাৰ আৰু ইয়াৰ উপযোগিতাৰ বিষয়ে মত প্ৰকাশ কৰি কয় যে, এই ব্যৱস্থাই অংগনবাদী কৰ্মীসকলৰ দায়িত্ব পালনত এক নতুন দিশ মুকলি কৰিব। তথ্য সংগ্ৰহ, দিহা-পৰামৰ্শ, আৰু কাৰ্যসূচীৰ মনিটৰিং এতিয়া অধিক সহজ আৰু ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

শিক্ষামন্ত্ৰীয়ে এই পদক্ষেপক অংগনবাদী ব্যৱস্থাপনাৰ ক্ষেত্ৰত “এটা নতুন অধ্যায়ৰ আৰম্ভণি” বুলি অভিহিত কৰে আৰু কয় যে, প্ৰযুক্তিৰ সদ্ব্যৱহাৰেৰে শিশু বিকাশ, মাতৃ-পুষ্টি, আৰু স্বাস্থ্য সেৱাত ইতিবাচক পৰিৱর্তন আশা কৰিব পাৰি।

এই ধৰণৰ উদ্যোগে গাঁৱৰ গাঁওলৈ সেৱা আগবঢ়োৱা অংগনবাদী কৰ্মীসকলৰ কাৰ্যক্ষমতা আৰু দায়িত্ববোধ অধিক সুদৃঢ় কৰাৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

Related Articles