আকাশ বিজ্ঞান কেন্দ্ৰত আনেৰ্ষ্ট ৰাডাৰফ’ৰ্ডৰ জন্মতিথি পালন…

বিশ্বনাথ চাৰিআলিৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰৰ উদ্যোগত আৰ্ণেষ্ট ৰাডাৰ্ফৰ্ডৰ ৩০ আগষ্টত হ’বলগীয়া জন্মদিন আগতীয়াকৈ উদযাপন কৰা হয়। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰধৰ বৰুৱাই পৰিচালনা কৰা সভাখনৰ আঁত ধৰে সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ উৎপল বৰাই ছাত্ৰ-ছাত্ৰীৰ মাজত পৰমাণুৰ গঠনৰ ওপৰত সুন্দৰ সাৱলীলভাৱে মডেলৰ লগতে দৃশ্য-শ্ৰব্য মাধ্যমৰে বুজায় দিয়ে।

ক্ষীৰধৰ বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ আগত আৰ্ণেষ্ট ৰাডাৰ্ফৰ্ডৰ ব্যক্তিত্ব আৰু তেওঁৰ জীৱনৰ আমোদজনক ঘটনাৰ বিষয়ে অৱগত কৰি সকলোকে অভিভূত কৰে। অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক ড০ সঞ্জীৱ উপাধ্যায়ে আকাশ বিজ্ঞান কেন্দ্ৰই ৰাডাৰ্ফৰ্ডৰ দিৱস উপলক্ষে অনুষ্ঠিত কৰা বক্তৃতা অনুষ্ঠানৰ বাবে আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰক ধন্যবাদ জনাই বক্তব্য ৰাখে। আজিৰ সভাত বিশ্বনাথ জিলাৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্বনাথ আঞ্চলিক মইনা পাৰিজাতৰ প্ৰাক্তন সম্পাদক যতীন শৰ্মা, শিক্ষক হিৰণ্য বৰঠাকুৰ, মামুদ আহমেদ, পৰ্জন্য বৰদলৈ , ববিতা হাজৰিকা, টিকেন্দ্ৰজিত বৰাৰ দৰে ব্যক্তিসকলো উপস্থিত থাকে।

Related Articles