অংগনৱাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল মুছলপুৰ

দেশজোৰা ধৰ্মঘটৰ অংশ হিচাপে আজি বাক্সা জিলাতো অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন সমস্য সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা সদৰ মুছলপুৰস্থিত দূৰ্গা মন্দিৰ খেলপথাৰত বাক্সা জিলা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থা আৰু বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ৰ সদস্যাসকলে হাতে হাতে বেনাৰ, প্লে’-কাৰ্ড লৈ মজুৰি বৃদ্ধিকে ধৰি কেবাটাও দাবী পূৰণৰ প্ৰতিবাদত ধৰ্ণা দিয়ে ৷ প্ৰতিবাদকাৰী সকলে আমাক বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক, মাননিৰ সলনি মজুৰি দিয়ক, পেঞ্চনৰ সুবিধা দিয়ক, ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ অনুযায়ী ন্যূনতম মজুৰি আদায় দিয়ক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াৰে পিচতে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ বাক্সা জিলা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সভানেত্ৰী সবিতা দৈমাৰী আৰু সম্পাদিকা বীনা বৈশ্য, বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ৰ সভানেত্ৰী সুৰমা ডেকা দাস আৰু সম্পাদিকা ভনীতা পাঠক ৰয় স্বাক্ষৰিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ কেবা শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷

Related Articles