Breaking

চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ ক্ষোভ

0 2,476

কিমান মানসিক ভাবে হতাশাত ভূগিলে এজন মানুহে মৃত্যুৰ কথা ভাবিব পাৰে ! তেনে এক ঘটনা পোহৰলৈ আহিছে নগাঁৱত ৷ এজন চৰকাৰী কৰ্মচাৰীয়ে লিখিছে “ ৩৫ বছৰ চৰকাৰী চাকৰি কৰাৰ পিছটো যদি পেঞ্চন পোৱাৰ নিয়ম নাই চাকৰি জীৱনৰ অবসৰৰ দিনাই  মোৰ জীৱনৰো অবসৰ লোৱাৰ অনুমতি বিচাৰি আবেদন জনালোঁ ৷“ চাকৰি জীৱনৰ অবসৰৰ দিনাই মৃত্যুৰ অনুমতি বিচাৰি এজন চৰকাৰী কৰ্মচাৰীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি , অসমৰ মুখ্যমন্ত্ৰী , নগাঁৱৰ জিলা উপায়ুক্ত আদিলৈ লিখিত পত্ৰ দিয়াৰ পিছত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত লাগিছে হাহাকাৰ ৷ এই আবেদনৰ ভিত্তিত তৰিত গতিত চলিছে চৰকাৰী ফাইল ৷ জানিব পৰা মতে ৰাষ্ট্ৰপতি ,মুখ্যমন্ত্ৰী , উপায়ুক্ত আদিক আৰ্জি পেছ কৰা কৰ্মচাৰীজন হৈছে অসম চৰকাৰৰ লোকনিৰ্মান পথ বিভাগৰ নগাঁও যান্ত্ৰিক উপ-সংমণ্ডলৰ কৰ্মচাৰী দুলাল বৰা ৷ বিভাগটোত ১৯৮৭ চনৰ ২০ জুনত মাষ্টাৰৰোল পদত যোগদান কৰিছিল কৰ্মচাৰী জনে  ৷ বিগত ২০১১ চনত চৰকাৰী ভাবে ৰাজ্যৰ মাষ্টাৰৰোল আৰু ওৰ্কাচাৰ্জ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিছিল ৷ বিভিন্ন বিভাগত কৰ্মৰত ৩০হাজাৰ কৰ্মচাৰীৰ চাকৰি চৰকাৰে নিয়মীয়াকৰন কৰিছিল ৷ ৩০ হাজাৰ কৰ্মচাৰী চাকৰি নিয়মীয়া কৰাৰ পিছত বিভাগে বিভাগে কিছু সংখ্যক মাষ্টাৰৰোল আৰু ওৰ্কচাৰ্জ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰন কৰা হোৱা নাছিল ৷ ইয়াৰ মূলতে আছিল সেই সময়ত বিভাগে বিভাগে থকা কাৰ্যবাহী বিষয়া , গাননীক বিষয়া আৰু দায়িত্বত থকা সহায়কে আক্ৰোশমূলক ভাবে মাষ্টাৰৰোল আৰু ওৰ্কচাৰ্জ কমচাৰীৰ চাকৰিৰ নিয়মীয়াকৰনৰ ফাইলৰ তালিকাৰ পৰা আতৰাই ৰাখিছিল ৷ ফলত ৩০ হাজাৰকৈ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰন হোৱাৰ বিপৰিতে একাংশ তালিকাৰ পৰা বাদ পৰিছিল ৷ অৱশ্যে ইয়াৰে সামান্য সংখ্যৰ উপস্হিতি অনিয়মীয়া হোৱাৰ বাবে তালিকাৰ পৰা বাদ পৰিছিল ৷১৯৮৭ চনৰ ২০ জুনত মাষ্টাৰৰোলত যোগদান কৰা এই কৰ্মচাৰীজনৰ চাকৰি ৰহস্যজনক ভাবে নিয়মীয়াকৰন নহল ৷ ১৯৯৩ চনৰ ৩১ মাৰ্চৰ আগতে নিয়ুক্ত ৫২ টা বিভাগৰ কৰ্মচাৰীক নিয়মীয়া কৰি সেই সময়ৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক নিদৰ্শন দেখুৱাইছিল ৷ ৰাষ্ট্ৰপতি , মুখ্যমন্ত্ৰী ,জিলা উপায়ুক্ত আদিলৈ জীৱনৰ পৰা অবসৰ বিচাৰি অৰ্থাৎ মৃত্যুৰ অনুমতি বিচাৰি লিখা পত্ৰ খনত কৰ্মচাৰীজনে আৰু লিখিছে “ ২০২৩ চনৰ মে’ মাহত মই এই বিভাগৰ পৰা চৰকাৰী নিয়ম অনুসৰি অবসৰ গ্ৰহণ কৰিম ৷ অবসৰৰ পিছত কৰ্মচাৰীসকলে পাব লগা প্ৰাপ্য পেঞ্চন মই নাপাও ৷ প্ৰাপ্য চৰকাৰী পেঞ্চন নাপালে মই কি কৰি চলিম ? কি খাম ? কি পিন্ধিম ? মই মোৰ পৰিয়াল কেনেদৰে পোহপাল দিম ? মোৰ অবিহনে মোৰ পৰিয়াল কেনেকৈ চলিব ? বেমাৰ আজাৰ হলে কেনেকৈ কিহৰে চিকিৎসা কৰিম বা কৰিব ? আদি বিভিন্ন চিন্তাই মোক বিপাঙত পেলাইছে ৷ আপুনি ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে ৷ মোৰো চাকৰিটো  নিয়মীয়া কৰি পেঞ্চন পোৱাৰ ব্যবস্হা কৰিবলৈ কাতৰ প্ৰাৰ্থনা জনাইছো ৷ চাকৰি নিয়মীয়াকৰণ কৰি পেঞ্চনৰ দিহা কৰি দিবৰ বাবে আবেদন দাখিল কৰা দুলাল বৰাৰ এই আবেদনৰ পিছতে নগাঁৱৰ উপায়ুক্তই এজন অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ৷ সেই মৰ্ম্মে উপায়ুক্ত কাৰ্যালয়ে নগাঁৱৰ লোকনিৰ্মান বিভাগৰ যান্ত্ৰিক উপ সংমণ্ডলৰ পৰা সকলো তথ্য বিছাৰি জৰুৰী পত্ৰ প্ৰেৰন কৰিছে ৷ জানিব পৰা মতে ইতিমধ্য একাংশ মাষ্টাৰৰোল আৰু ওৰ্কচাৰ্জ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰন নোহোৱাকৈ অবসৰ গ্ৰহণ কৰাই নহয় ইহজগতৰ পৰা আতৰি গৈছে ৷

Leave A Reply