Anishmita Baruah: ঘৰুৱা কৰ্মব্যস্ততাৰ মাজতে অনুশীলন কৰি ক্ৰীড়া জগতত ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে টীয়কৰ অনিস্মৃতা

মন থাকিলে কি কৰিব নোৱাৰে তাক প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ দিহিঙীয়া কলিতা গাৱঁৰ অনিস্মৃতা বৰুৱা নামৰ এগৰাকী গৃহিণীয়ে।(Anishmita Baruah) দুটাকৈ সন্তানৰ মাতৃ এইগৰাকী প্ৰতিভাবান গৃহিনীয়ে ইতিমধ্যে সদ্য অনুষ্ঠিত 6th assam masters state game চেম্পিয়নশ্বিপত ৫০০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি সোণ আৰু ১৫০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অহা মাৰ্চ- এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰিছে। (Teok)

ইতিপূৰ্বে এইগৰাকী খেলুৱৈয়ে কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰি অসম অলিম্পিক, মাষ্টাৰছ এছিয়ান গেম আৰু ওৱল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ বিভিন্ন প্ৰতিযোগিতাত ভাগ ল’বলৈ সুবিধা পাইছে। ইপিনে এইগৰাকী মহিলাই ঘৰৰ সকলো কামকাজ, সন্তানৰ জঞ্জাল মাৰি যোৰহাট যোগা বিজ্ঞান মহাবিদ্যালয়ত যোগাসনৰ স্নাতক পাঠ্যক্ৰমত অধ্যয়ন কৰি থকাৰ লগতে সমৰকলাৰ সৰ্বোচ্চ সন্মান ব্লেক বেল্ট লাভ কৰি আদৰ্শ প্ৰদৰ্শন কৰিছে। সৰুৰে পৰা ক্ৰীড়াৰ সৈতে জড়িত এইগৰাকী মহিলাই জনাই যে বিবাহ হ’লেই সকলো শেষ হৈ নাযায়, মন কৰিলে সকলো সম্ভৱ কৰিব পাৰি।

লগতে সকলো গৃহিণীকে নিজ নিজ ইচ্ছা পূৰণৰ বাবে আগুৱাই যাবলৈ আহ্বান জনাইছে। লাজ বন কাটি কৰি নিজৰ সন্তানসম প্ৰশিক্ষাৰ্থীৰ সৈতে প্ৰশিক্ষণ লৈ এইদৰেই চৰকাৰী বেচৰকাৰীভাৱে আয়োজিত জিলা,ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত পদক অৰ্জন কৰি ভৱিষ্যতে ক্ৰীড়াৰ মাধ্যমেৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে এইগৰাকী আদৰ্শবান গৃহিণীয়ে।

Related Articles