বিগ বছ ১৭ৰ ঘৰতে গৰ্ভধাৰণৰ খবৰ অংকিতা লোখাণ্ডেৰৰ…

বিগ বছ ১৭ঃ বিগ বছ ১৭ৰ ঘৰৰ ভিতৰতে অংকিতা লোখাণ্ডেৰ গৰ্ভাৱস্থাৰ পৰীক্ষা কৰাইছিল। কিছুদিন পূৰ্বে শ্ব’ৰ সময়ত অংকিতাই বিকিৰ লগত তাইৰ মেজাজৰ পৰিৱৰ্তন আৰু স্বাস্থ্যৰ বিষয়ে কথা পাতিছিল। নিজৰ গৰ্ভধাৰণৰ সন্দেহ হৈছিল। এনে পৰিস্থিতিত এতিয়া টেষ্ট ৰিপৰ্ট ওলাইছে। বিগ বছ ১৭ৰ ঘৰৰ ভিতৰতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে অংকিতা লোখাণ্ডে আৰু বিকি জৈনে। মুনাৱাৰ ফাৰুকী, অভিষেক কুমাৰ আৰু ঈশা মালভিয়াৰ সৈতে ঘৰৰ দুগৰাকী শক্তিশালী খেলুৱৈ হিচাপে পৰিগণিত হৈছে অংকিতা-বিকি। ঘৰৰ ভিতৰতে বহুবাৰ কাজিয়া কৰিছে দম্পতীহালে যদিও প্ৰতিটো কাজিয়াৰ পিছত দুয়োৰে মাজত মতানৈক্যও সমাধান কৰা দেখা যায়।

কিছুদিন আগতে অংকিতা লোখাণ্ডে গৰ্ভাৱস্থাৰ পৰীক্ষা কৰোৱা চাঞ্চল্যকৰ খবৰ আছিল। তেওঁ কৈছিল যে তেওঁৰ মেজাজত বহু পৰিৱৰ্তন ঘটিছে। এতিয়া অংকিতাৰ গৰ্ভ পৰীক্ষাৰ প্ৰতিবেদন ফাদিল হৈছে। লোখাণ্ডেৰ গৰ্ভাৱস্থাৰ প্ৰতিবেদন নিগেটিভ আহিছে। সেয়েহে তেওঁ আৰু ভিকি জৈনে প্ৰথম সন্তানৰ আশা কৰা নাই।

Related Articles