Anna Sewa Din: ১ অক্টোবৰৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ

অহা জুন, জুলাই আৰু আগষ্ট তিনি মাহৰ ‘অন্ন সেৱা দিন’(Anna Sewa Din)কাৰ্যসূচী ১১ পৰা ২০ জুনৰ ভিতৰত একেলগে ৰূপায়ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ে৷ সোমবাৰৰ দিনা দিছপুৰস্থিত জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতিখন জিলাৰ জিলা আয়ুক্ত, সমজিলা আয়ুক্ত আৰু খাদ্য, ৰাজহুৱা যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা সভাত এই নিৰ্দেশ দিয়ে মন্ত্ৰী ৰয়ে৷ তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে অহা জুন, জুলাই আৰু আগষ্ট মাহৰ ‘অন্ন সেৱা দিন’ কাৰ্যসূচী একেলগে ৰূপায়ণ কৰা হ’ব৷

ফলত, জুন মাহৰ ‘অন্ন সেৱা দিন’ৰ সময়সীমা ১১ পৰা ২০ তাৰিখলৈকে বৃদ্ধি কৰা হৈছে৷ সেয়েহে, এই সময়ছোৱাত ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীয়ে যাতে নিজৰ ৩ মাহৰ প্ৰাপ্য ৰেচন একেলগে গ্ৰহণ কৰিব পাৰে তাক লৈ সক্ৰিয়তা অব্যাহত ৰাখিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশনা দিওঁ৷ অহা ১ অক্টোবৰ তাৰিখৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ কৰাৰ দিশত আলোচনা কৰোঁ৷ বানপানীৰ সময়ত প্ৰতিখন জিলাত যাতে জিলাবাসীৰ বাবে নিত্য-প্ৰয়োজনীয় খাদ্য-সামগ্ৰী মজুত থাকে সেই বিষয়ে বিস্তৃত্বভাৱে আলোচনা কৰোঁ৷

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ বিতৰণ কমিছন, সমবায় সবলীকৰণ আৰু পৰিবহণ কমিছন শীঘ্ৰে মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে তেওঁ৷ এই দিনা প্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ যাতে কোনো ধৰণৰ দাম বৃদ্ধি নহয় সেই বাবে প্ৰতিখন জিলাত গঠন কৰা ‘টাস্ক ফৰ্চ’ৰ সক্ৰিয়তা অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই সকলোবোৰ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সময়ে সময়ে আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁক আন্তৰিক ধন্যবাদ জনায় মন্ত্ৰী কৌশিক ৰয়ে৷

Related Articles