Breaking

নগৰবাহী জোনজ্যোতি জাতীয় বিদ্যালয়ৰ বৰ্ষপূতি সম্পন্ন…

0 21

ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাত উচ্চ নম্বৰ পাই স্থান লাভ কৰিলেই নহ’ব, তেওঁলোকে একাগ্ৰচিত্তে অধ্যয়ন কৰি পৰীক্ষাত সফলতা অৰ্জন কৰাৰ সমান্তৰালকৈ মানৱীয় গুণেৰেও সমৃদ্ধ হৈ ভাল কাম কৰি একো একোগৰাকী ভাল মানুহ হিচাপেও উদ্ভাষিত হ’ব লাগিব।এই ভাষ্য মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাসৰ। ২০০১ বৰ্ষত নগৰবাহী মাজমজিয়াত স্থাপিত জোনজ্যোতি জাতীয় বিদ্যালয়ৰ ২১ সংখ্যক বৰ্ষপুতি উপলক্ষে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ চহিৰ ভূঞাৰ সঞ্চালনাত শনিবাৰেপ অনুষ্ঠিত মুকলি বঁটা বিতৰণী, অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক দাসে এইদৰে কোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী,

অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সন্মিলিত প্ৰচেষ্টাৰে দেশৰ ভৱিষ্যতৰ নাগৰিক ছাত্ৰ ছাত্ৰী সকলক উপযুক্ত মানুহ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিতেশ হাজৰিকাই উদ্ধোধন কৰা অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ সন্মানেৰে বিভূষিত ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শশাঙ্ক হাজৰিকাই তথ্য সমৃদ্ধ ভাষণেৰে ছাত্ৰ ছাত্ৰী সকলক উদ্বুদ্ধ কৰে। অসম আন্দোলনৰ নেতা , আছুৰ প্ৰাক্তন বিষয়ববীয়া , চলচ্চিত্ৰ পৰিচালক প্ৰযোজক হবিবৰ ৰহমানে বিশ্বৰ মনিষী সকলৰ প্ৰসঙ্গ টানি কয় যে জীৱনত সফল হ’বলৈ সোণ ৰূপৰ চামুচ মুখত লৈ জন্ম ল’ব নালাগে।ধনী দুখীয়াৰ কথা নাই , সাফল্যৰ বাটত দৰিদ্ৰতা কেতিয়াও হেঙাৰ নহয়, জীৱনত উদগতি কৰিবলৈ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ বিকল্প নাই। মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট ককতিয়ে জোনজ্যোতি জাতীয় বিদ্যালয় কৰ্তৃপক্ষই কীৰ্তিমান সকলক পুৰস্কৃত কৰাৰ পৰম্পৰাই উঠি অহা ছাত্ৰ ছাত্ৰী সকলক আগুৱাই যোৱাৰ বাটত প্ৰেৰণা যোগাব বুলি অভিহিত কৰে। বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহিবুল হকে আঁত ধৰা অনুষ্ঠানত মফচলীয় সাংবাদিকৰ সংগঠন আপকুৰ দৰং জিলা সমিতিৰ সম্পাদক বাবুল মকছেদ আহমেদ, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা কলাইগাঁও শিক্ষা খণ্ডৰ গাণনিক বিষয়া চাহাবুদ্দিন আহমেদ, আছুৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য নিৰঞ্জন শইকীয়া, উদ্যোক্তা পৰিয়ালৰ ওৱাহিদা আহমেদ, নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইয়াজুদ্দিন আহমেদ, আৰোহণ ইংলিছ স্কুলৰ অধ্যক্ষ মকিবৰ ৰহমান,আন্ত মঙলদৈ ছাত্ৰ সন্থাৰ, চি আৰ চি চি ললিতা দাস প্ৰমুখ্যে বিশিষ্ট আমন্ত্ৰিত অতিথিসকলে অংশগ্ৰহণ কৰি বক্তব্য দাঙি ধৰে। অনুষ্ঠানত বিশেষভাৱে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে এই বিদ্যালয়ৰ পৰাই প্ৰাথমিক শিক্ষা লাভ কৰা আৰু ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম অসামৰিক সেৱাত ৩য় স্থান দখল কৰি জোনজ্যোতি জাতীয় বিদ্যালয়ৰ লগতে মঙলদৈ,দৰং জিলা তথা জন্ম স্থান নগৰবাহী, অধিকাৰী গাঁৱলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই অনা জেবিন গুলনাৰক।

এই বিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত থকা তথা আজি সভাৰ সঞ্চালক ড০ চহিৰ ভূঞাক ভাৰত ভাৰ্চুৱেল ইউনিভাৰ্ছিটি ফৰ পিচ এণ্ড ইডুকেশ্বনৰ পৰা অসমীয়া জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় আৰু ঐক্য সংহতিৰ হকে কাম কৰি অহা বাবে সন্মানীয় পি এইচ ডি (ডক্টৰেট) ডিগ্ৰী লাভ কৰাৰ বাবে উদ্যোক্তাসকলে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।এই অনুষ্ঠানতে এই বিদ্যালয়ৰ পৰা বিগত দুটা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰেৰে সন্মানিত কৰে। সঙ্গীত শিল্পী পৱন মেধিৰ পৰিচালনাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ উদ্যোক্তা খাটিবুদ্দিন আহমেদে সদৌটিকে শলাগ জ্ঞাপন কৰে।

Leave A Reply