Breaking

কেন্দ্রীয় শিক্ষামন্ত্রীৰ ঘোষণা : নৱেম্বৰৰ পৰা আৰম্ভ নতুন শিক্ষাবৰ্ষৰ শ্ৰেণী

0 1,277

অনলাইন বাৰ্তা : সংক্ৰমণৰ বাবে চলিত বছৰৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষা বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম ষান্মাষিকৰ শ্ৰেণী ৷ মঙলবাৰে এই কথা জনালে কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিৱাল নিশাংকই ৷ টুইট কৰি মন্ত্ৰীজনে কয়, কৰ’নাৰ বাবে ২০২০-২১ শিক্ষা বর্ষৰ স্নাতক আৰু স্নাতকোত্তৰৰ প্রথম বর্ষৰ সূচী লৈ কমিটীৰ ৰিপৰ্ট গ্ৰহণ কৰিছে আয়োগে আৰু ইউজিচিৰ নির্দেশিকাত অনুমোদনও দিছে। সেই অনুসৰি অহা ৩১ অক্টোবৰৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া শেষ কৰা হ’ব ৷ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হ’ব ১ নৱেম্বৰৰ পৰা ৷ প্ৰস্তুতিৰ বাবে ২০২১ চনৰ ১ মার্চৰ পৰা ৭ মার্চলৈ বিৰতি দিয়া হ’ব ৷ পৰীক্ষা হ’ব ২০২১ চনৰ ৮ মার্চৰ পৰা ২৬ মার্চলৈকে ৷ ২০২১ চনৰ ২৭ মার্চৰ পৰা ৪ এপ্রিললৈ ষাণ্মাসিকৰ ব্ৰেক থাকিব ৷ ষান্মাষিক আৰম্ভ হ’ব ২০২১ চনৰ ৫ এপ্রিল৷ প্ৰস্তুতিৰ বাবে ২০২১ চনৰ ১ আগষ্টৰ পৰা ৮ আগষ্টলৈ বিৰতি দিয়া হ’ব ৷ পৰীক্ষা হ’ব ২০২১ চনৰ ৯ আগষ্টৰ পৰা ২১ আগষ্টৰ ভিতৰত ৷ ষান্মাষিকৰ ব্ৰেক হ’ব ২০২১ চনৰ ২২ আগষ্টৰ পৰা ২৯ আগষ্টলৈ ৷ এই শিক্ষাৰ্থীসকলৰ পৰৱৰ্তী শিক্ষাবর্ষ ২০২১ চনৰ ৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব ৷

Leave A Reply