Breaking

অসমীয়া সাহিত্য সন্মিলনীৰ বাৰ্ষিক বঁটা ঘোষণা : ৩ জানুৱাৰীত গুৱাহাটীত প্ৰদান কৰিব একাংশ বঁটা

0 1,404

জামুগুৰিহাট, ১৭ডিচেম্বৰ : মানৱতাৰ সপক্ষে, সংকীৰ্ণ তাৰ বিপক্ষে সাহিত্য মূলমন্ত্রৰে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীয়ে ২০২০ বৰ্ষৰ বঁটাসমূহ আজি সন্মিলনীৰ মুখ্য কাৰ্যালয়ে ঘোষণা কৰিছে। অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি গণ শিল্পী লোকনাথ গোস্বামী, কাৰ্যকৰী সভাপতি অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তী আৰু প্ৰধান সম্পাদক মিংকু কলিতাই কাকতলৈ দিয়া এক বিবৃতিৰ জৰিয়তে চলিত বৰ্ষৰ বঁটা আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। সেই মৰ্মে এই বৰ্ষত কমতাৰত্ন অম্বিকা চৰণ চৌধুৰী ইতিহাস চেতনা বঁটাৰ বাবে অধ্যাপক উদয়াদিত্য ভৰালী, প্ৰাচ্যবিদ শৰৎ চন্দ্ৰ শৰ্মা ভাষা সাধনা বঁটাৰ বাবে ড০ লীলাৱতী শইকীয়া বৰা, কথাৰ যাদুকৰ, সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক উপন্যাসশ্ৰী বঁটাৰ বাবে সন্তোষ কুমাৰ কৰ্মকাৰ আৰু অসমীয়া ভাষাৰ সেৱক মৰহুম হোছেইন আলি চৰকাৰ অসমীয়া ভাষা সংগঠক বঁটাৰ বাবে যুৱ লেখক, সাংবাদিক দিপক বৰাৰ নাম ঘোষণা কৰে। আনহাতে সন্মিলনীৰ সৰ্বোচ্চ সন্মান পদ ‘সদস্য বৰেণ্য’ৰ বাবে যোৱা ২৯ নৱেম্বৰত অনুষ্ঠিত সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভাই ডাঃ দেৱীচৰণ ঠাকুৰক মনোনিত কৰে।  সন্মিলনীৰ আন এটি বঁটা মহেশ্বৰ নাথ সোঁৱৰণী যুৱ সাহিত্য বঁটাৰ বাবে মনোনিত যুৱ সাহিত্যিক গৰাকীৰ নাম অহা ৩ জানুৱাৰীত অনুষ্ঠিতব্য বঁটা বিতৰণী সভাত ঘোষণা কৰিব বুলি প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়ে। উল্লেখ্য যে অহা ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত সন্মিলনীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনখন গোলাঘাট জিলা সন্মিলনীৰ সহযোগত দৈয়াং শাখাৰ উদ্যাগত মেৰাপানীৰ দৈয়াং মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’ব। উক্ত অধিবেশনৰ মুকলি সভাত সদস্য বৰেণ্য আৰু যুৱ সাহিত্য বঁটা প্ৰদান কৰাৰ বিপৰীতে বাকী বঁটা সমূহ ৩ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য সন্মিলনীৰ বিশেষ সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত প্ৰদান কৰা হ’ব। সন্মিলনীৰ এক তথ্য মতে আগন্তুক ২০২১-২৩ বৰ্ষৰ সন্মিলনীৰ সভাপতি পদৰ বাবে ইতিমধ্যে জিলা সমিতিসমূহে বিশিষ্ট সাহিত্যিকসকলৰ নাম প্ৰস্তাৱ আকাৰে মনোনয়ন সমিতিলৈ প্ৰেৰণ কৰিছে। জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত সন্মিলনীৰ পৰৱৰ্তী সভাপতিৰ নাম ঘোষণা হোৱাৰো সম্ভাৱনা আছে। অহা ৩ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সভাখনত কেন্দ্রীয় সমিতিৰ সকলো বিষয়ববীয়া, কাৰ্যনিৰ্বাহ সদস্য, জিলা আৰু আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক প্ৰমুখ্য শুভাকাঙ্ক্ষী সকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে প্ৰধান সম্পাদক মিংকু কলিতাই।

Leave A Reply