Breaking

ভৰলীপৰীয়া কন্যকা বহুমূখী পামৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

0 103

ভৰলীপৰীয়া কন্যকা বহুমূখী পামৰ বাৰ্ষিক সাধাৰন সভা সম্পন্ন।৯০-৮০ উদ্ধৰ বৃদ্ধৰ লগত একেলগে কন্যকাত তৃপ্তিৰে এসাঁজ খাই সম্বৰ্ধনা জ্ঞাপন বিধায়ক পদ্ম হাজৰিকাৰ ।শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ বাৰ্ষিক সাধাৰন সভা সোমবাৰে অনুস্থিত হৈ যায় ৷ প্ৰায় এশ গৰাকী সদস্যৰ উপস্থিতিত কৃষি পাম খনৰ সভাকক্ষত অনুষ্ঠিত সভাৰ সভাপতিৰ আসন অলংকৃত কৰে কন্যকাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিধায়ক পদ্ম হাজৰিকাই ৷ সভাত বিগত কাৰ্য্যকালৰ খতিয়ান দাঙি ধৰে পাম খনৰ সাধাৰন সম্পাদক মতি কুমাৰ নেৱাৰে ৷

সাধাৰন সম্পাদক গৰাকীয়ে আয় ব্যয়ৰ হিচাব সমুহ দাখিল কৰি কয় যে পৰ্য্যতকৰ আকৰ্ষণস্থলী হিচাবে গঢ়ি তোলা কন্যকাত পাঁচ হেজাৰতকৈ অধিক যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি দহ জনীয়া প্ৰতিটো গোটক পশুপালন ,মীন পালন ,দুগ্ধ উৎপাদন ,মৌ পালন আৰু অন্যান্য কৃষি কৰ্মৰ প্ৰশিক্ষন প্ৰদান কৰি তেওঁলোকক অৰ্থনৈতিক ভাবে স্বনিৰ্ভৰশীল কৰি তোলা হৈছে ৷ ইয়াৰ লগতে পৰ্য্যটকৰ আকৰ্ষণৰ বাবে থলুৱা বাহঁ আৰু খেৰৰে ১০ খনকৈ কটেজ নিৰ্মান কৰি উন্নতমানৰ অতিথিশালা নিৰ্মান কৰাৰ লগতে দেশী বিদেশী খাদ্যসম্ভাৰ সম্বৃদ্ধ দুখন ৰেষ্টুৰেণ্ট স্থাপন কৰা হৈছে । ইয়াৰ উপৰিও শিশু সকলৰ মনোৰঞ্জনৰ বাবে এখন আটকধুনীয়া শিশু উদ্যান নিৰ্মান কৰি দিয়া হৈছে । আগুন্তুক দিনত এক হেজাৰ মৌ বাকচৰ ব্যৱস্থা কৰা আৰু হাৰবেল গাৰ্ডেন স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ কন্যকাত এইবাৰ দৈনিক ১০ হেজাৰ কনী উৎপাদনৰ প্ৰস্তুতি লোৱাৰ লগতে উন্নত মানৰ ৪০০ আৰু নতুন গাই গৰু অনাৰ ব্যৱস্থা কৰা হব ৷ পৰ্য্যটক তথা স্থানীয় ৰাইজৰ বিনোদনৰ বাবে এক বৃহৎ ৰংগমঞ্চ নিৰ্মানৰ পৰিকল্পনা কৰা লগতে হাতী আৰু ঘোৰা চাফাৰী আৰু বৰশী বোৱাৰ ব্যৱস্থা কৰা হব ৷ স্থানীয় ৰাইজৰ অৰ্থনৈতিক উন্নয়নৰ বাবে নিড বেচ ট্ৰেইনিং আৰু চাপৰ্ট চিষ্টেম ডেভেলপমেণ্ট ৰ ব্যৱস্থা কৰা হব ৷ সভাপতিৰ ভাষনত বিধায়ক গৰাকীয়ে কয় যে সমাজ নিৰ্মানৰ বাবে ব্যক্তি নিৰ্মানৰ মহাযজ্ঞলৈ পৰ্য্যবেষিত হবলৈ ভৰলীপৰিয়া কন্যকা বহহুমূখী পাম এখন মহাযজ্ঞ হৈ পৰিব ৷ ইয়াৰ পিছতে বিধায়ক পদ্ম হাজৰিকাই সোমবাৰে দুপৰিয়াৰ আহাৰ একেলগেই গ্ৰহন কৰে সমষ্টিটোৰ বৰদিকৰাই অঞ্চলৰ ৯০-৮০ উৰ্দ্ধৰ ১০০ গৰাকীৰো অধিক বৃদ্ধ বৃদ্ধাৰ লগত ৷ তাৰ পিছত বিধায়ক পদ্ম হাজৰিকাই উক্ত বৃদ্ধ বৃদ্ধা সকলৰ চৰনত সেৱা লয় আৰু তেওঁলোকে বিধায়ক গৰাকী হৰিনাম ধ্বনিৰে হিয়া আজুৰি আৰ্শীবাদ প্ৰদান কৰে ৷ প্ৰতি গৰাকী বৃদ্ধ বৃদ্ধাক বিধায়ক গৰাকীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কন্যকাৰ উৎপাদিত সামগ্ৰীৰ উপহাৰ প্ৰদান কৰে।

Leave A Reply