পাতিদৰং প্ৰাথমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা

দৰং জিলাৰ ঐতিহাসিক পাতিদৰঙত ১৮৩০ তে স্থাপিত পাতিদৰং প্ৰাথমিক বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভাৰ লগত সংগতি ৰাখি আজি ৰঙালী বিহু উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি দিনৰ ১০’৩০ বজাত কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে দেওমৰনৈ বৰ্ধিত মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নিকুঞ্জ কাশ্যপে। ইয়াৰ পিছতে ছাত্ৰ -ছাত্ৰী সকলে বিহু গীত-নৃত্য পৰিৱেশন কৰে। দিনৰ ১১’৩০ বজাৰ পৰা বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভা খন সমাজকৰ্মী তথা বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি কান্তিৰাম শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়।

উক্ত সভাত অৱসৰপ্ৰাপ্ত সেনা মহেন্দ্ৰ শইকীয়া, সমাজ সচেতক ব্যক্তি জনাৰ্দন শৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বসন্ত শইকীয়া, অভিভাৱক-অভিভাৱিকা আদিয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ভাষণ আগবঢ়ায়। বিগত শিক্ষাবৰ্ষত বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা বিভিন্ন খেল-ধেমালিৰ পুৰস্কাৰ সমূহ প্ৰদান কৰাৰ লগতে প্ৰতিটো শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰী ক্ৰমে বিদিশা কলিতা, জ্যোতিময়ী শইকীয়া, শোণিত শৰ্মা আৰু জুবলি ডেকাৰ লগতে বিদ্যালয়খনৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা পঞ্চম শ্ৰেণীৰ ছাত্ৰী দৰদী শইকীয়াক বিশেষ ভাৱে মেধাৱী বঁটা প্ৰদান কৰা হয়।

সভাৰ শেষত শৰাই আগবঢ়াই বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ কুমাৰ বৰুৱাই। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী হেমলতা দেৱী, শিক্ষক শৈলেন্দ্ৰ কুমাৰ শৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ লগতে অভিভাৱক-অভিভাৱিকা সকলে সহযোগিতা আগবঢ়ায়।

Related Articles