ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন আৰু বিষয় বাছনি সভা সম্পন্ন

 নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ সাংবাদিক সকলৰ  উমৈহতীয়া মঞ্চ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ আজি বাৰ্ষিক অধিৱেশন আৰু বিষয় বাচনিসভা খন কালি  ঘগ্ৰাপাৰ হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত হৈ যায়। ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি অমুল্য কলিতাৰ সভাপতিত্বত অনুস্থিত হোৱা বাৰ্ষিক অধিৱেশন খনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। প্ৰেছ ক্লাৱৰ ভৱিষ্যত কাৰ্যপন্থা , বিগত দিনৰ কাম কাজ আৰু সাংগঠনিক দিশৰ ওপৰত  আলোচনা হোৱা সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে নলবাৰী জিলা প্ৰেছ ক্লাৱৰ মুখ্য সম্পাদক ব্ৰজেন তালুকদাৰ আৰু সাংবাদিক শ্বাহ আলম আহমেদে।এই সভা খনতেই পুৰনি সমিতিখনে পদত্যাগ কৰাৰ পিছত এখন নতুন পূৰ্নাংগ সমিতি গঠন কৰা হয়।সমিতিখনত মুখ্য উপদেষ্টাত,ব্ৰজেন তালুকদাৰ, ( নিউজ লাইফ),সভাপতি-ফাইজুৰ ৰহমান,(  দৈনিক জনমভূমি)কাৰ্যকৰী সভাপতি-বীৰেন কলিতা(নিয়মীয়া বাৰ্তা),,প্ৰধান সম্পাদক-ৰাতুল চন্দ্ৰ ডেকা(আমাৰ অসম ),যুটীয়া সম্পাদক-দ্বিজেন ডেকা(অগ্ৰদূত),ৰবীন্দ্ৰ নাথ কলিতা(বাতৰি কাকত ),সহকাৰী সম্পাদক-ত্ৰিদীপ কলিতা(এন কে টিভি ),,পত্ৰিকা সম্পাদক-শ্বাহ আলম আহমেদ, (নিয়মীয়া বাৰ্তা),উপসভাপতি হামিদ আলী,জগত তালুকদাৰ,পংকজ লহকৰ লৈ এখন ২১ জনীয়াপুৰ্নাংগ সমিতি গঠন কৰা হয়।নতুন সমিতিখনে ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱক জাকত জিলিকা কৰি তুলিব বুলি আশা কৰাৰ উপৰিও সকলোকে অভিনন্দন আৰু শুভেচ্ছা জনায়।

Related Articles