Breaking

গুৱাহাটী প্ৰেছ ক্লাবত”কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ অসম”ৰ বাৰ্ষিক অধিৱেশন ! বঁটা প্ৰদান অনুষ্ঠান…

0 61

সাহিত্য আৰু সংস্কৃতিৰ সমন্বিত চৰ্চাৰ মঞ্চ “কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ, অসম”ৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠানটো আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি সাহিত্যিক তথা আইনজীৱি অনন্ত ৰাম মেধিয়ে । আনহাতে গোটৰ সভাপতি ধনেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত সকলোকে আদৰণি জনায় মুখ্য প্ৰশাসক চবিন চন্দ্ৰ নাথে । সভাৰ আৰম্ভণিতে শিশু নৃত্য শিল্পী অৰ্চিতা বৰুৱা আৰু ৰিয়া বৰাই পৰিৱেশন কৰা দৃষ্টি নন্দন এটি নৃত্যই সকলোকে মুগ্ধ কৰে। সভাত গোটৰ অধিবেশন উপলক্ষে হৈ যোৱা কবিতা আৰু চুটি গল্প প্ৰতিযোগিতাৰ বিজয়ী ক্ৰমে প্ৰথম স্থান লাভ কৰা হিমাজ্যোতি তালুকদাৰ,জুৰি দেৱী(যুটীয়া ভাৱে)। দ্বিতীয় স্থান লাভ কৰা হিমাদ্ৰী দাস, ৰূপাঞ্জলী হাজৰিকা(যুটীয়া ভাৱে)আৰু তৃতীয় স্থান লাভ কৰা কবিতা চহৰীয়া, নূৰুল ইছলাম শ্বেখ ,মিতা শৰ্মা আৰু সঞ্জীৱ বড়োক বঁটা প্ৰদান কৰা হয় ।

আনহাতে গল্পত প্ৰথম স্থান লাভ কৰা মুনমালা শৰ্মা, দ্বিতীয় স্থান লাভ কৰা নিৰুপমা মজুমদাৰ আৰু বীণা হাজৰিকা(যুটীয়া ভাৱে)আকৌ তৃতীয় স্থান লাভ কৰা চোনিয়া মুক্তিয়াৰ আৰু ৰঞ্জন গোস্বামীক (যুটীয়া ভাৱে)।গোটত প্ৰতি বছৰে নিৰ্বাচন কৰা বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ এই বেলি গুৱাহাটীৰ বিশিষ্ট কবি তথা লেখিকা জ্যোৎস্না ৰাণী বেগমলৈ প্ৰয়াত প্ৰতুল চন্দ্ৰ কলিতা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় । বৰ্ষশ্ৰেষ্ঠ কবিতাৰ খিতাপ তথা প্ৰয়াত প্ৰদীপ কুমাৰ নাথ সোঁৱৰণী বঁটা লাভ কৰে নগাঁওৰ বিশিষ্ট কবি তথা লেখিকা অনামিকা পি দেৱীয়ে । আনহাতে সোণাৰাম ৰাজবংশী আৰু চোনিয়া মুক্তিয়াৰে আঁত ধৰা সভাত কবিতাৰ অনুষ্ঠানটো সঞ্চালনা কৰা বিশিষ্ট কবি মহেশ চৌধুৰীয়ে । সভাত নিমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্য, অভিনেত্ৰী চেতনা দাস, দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ডঃ নৰেন হাজৰিকা, বিশিষ্ট কবি লেখক তথা সাংবাদিক আব্দুল আলিম, কবি,সাহিত্যিক তথা আইনজীৱি অনন্ত ৰাম মেধি, গোটলৈ বিভিন্ন অৰিহণা আগবঢ়োৱা প্ৰশাসক,মডাৰেটৰ সোণাৰাম ৰাজবংশী, মিণ্টু দাস, সুজাতা মেধি,কাজললতা মেধি, মামণি কলিতা, পবিত্ৰী ভৰালী,ডাঃ চন্দনা মেধি দাস,মাইটি কাকতি দাস,যমুনা দুলু বৈশ্য, পল্লৱী দাস সৰস্বতী দাস আৰু মণিৰূপা মিশ্ৰলৈ বিশেষ সন্মান প্ৰদান কৰা হয়।

সভাত জুৰিমণি মুদৈ আৰু বিজু ফুকন কলিতাৰ পাচ মিনিটৰ অভিনয়ে সকলোকে অভিভূত কৰে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰিফা হুছেইন বৰা আৰু জিতুমণি দাসে গীত পৰিবেশন কৰে ।‌ ৰাকেশ তালুকদাৰৰ “মই তোমাৰ নিঃস্বাৰ্থ আত্মা” নামৰ কাব্য পুথিখন উন্মোচন কৰে দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ডঃ নৰেন হাজৰিকাই । সভাত কবিতা পাঠ কৰে ক্ৰমে – ৰাজুমণি শ‌ইকীয়া, হিমাক্ষী বৰা,গজেন দাস, সুৰভি মেধি,জ্যোতি মাধৱ, স্বৰ্গৰ্জ্যোতি চেতিয়া,সত্যজিৎ গগৈ, প্ৰতিমা বুঢ়াগোহাঁই,অঞ্জু ভূঞা, উজ্জ্বল জ্যোতি দাস, দুৰ্লভ পৱন বৰুৱা,ৰুবী শ‌ইকীয়া দাস, কাজল লতা মেধি,নৱ ডেকা, পবিত্ৰ কুমাৰ দাস, শংকৰ দাস, আনোৱাৰ হুছেইন,ডাঃ চন্দনা মেধি দাস , চোনিয়া মুক্তিয়াৰ, বুলি বৰা বৰুৱা, ভাৰতী বৰা, সুজাতা মেধি, মাজনী চহৰীয়া , জেউতি শইকীয়া, ৰুবি শইকীয়া দাস, পুবালী শইকীয়া, ৰুপাঞ্জলী হাজৰিকাই। উল্লেখ্য যে দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত সভাখন সামগ্ৰিক ভাৱে পৰিচালনা কৰে গোটৰ মুখ্য প্ৰশাসক চবিন চন্দ্ৰ নাথে। অসম সংগীতৰে দিনযোৰা সভাখনৰ সামৰণি পৰে।

Leave A Reply