তেজপুৰৰ মহিলাৰ অন্যতম সামাজিক – সংস্কৃতিক অনুষ্ঠান “সংস্কৃতা”ৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন তথা বাৰ্ষিক প্ৰতিযোগিতাৰ বঁটা বিতৰণী কাৰ্যসূচী ‘সংস্কৃতি নিলয়’ৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। “সংস্কৃতা”ৰ সভানেত্ৰী অনিমা গোস্বামীৰ পৌৰোহিত্যত সম্পাদিকা গীতাঞ্জলী শৰ্মাই আঁত ধৰা অনুষ্ঠানভাগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে “ৰাষ্ট্ৰ সেৱিকা সমিতি”ৰ সম্ভাগ প্ৰচাৰিকা দিপালী উপাধ্যায়ে ৷ নিৰ্দিষ্ট বক্তা ৰূপে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° ডালিমা কাকতিয়ে ভাষণ ৰাখে৷

সমাজকৰ্মী অঞ্জলি কলিতা আৰু মহিলা উদ্যোগী মিনা অধিকাৰী চৌধুৰীক অনুষ্ঠানৰ পৰা ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা হয় অনুষ্ঠানটিত৷ এই অনুষ্ঠানতে যোগাসন ,বিয়া নাম আৰু দেশপ্ৰেমমূলক সমবেত সংগীত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, বঁটা- প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হয় ৷ প্ৰজ্ঞাধী ড° স্বাধীনতা মহন্ত প্ৰমুখ্যে তেজপুৰৰ ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অধিৱেশনখন সফল কৰি তোলা পৰিলক্ষিত হয়।