Breaking

মুকালমুৱাত বন্ধন বেংকৰ শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা

0 52

বন্ধন শিক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ- ছাত্ৰীক পাঠ্যপুথিৰ জ্ঞান দিয়াৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ছাত্ৰ -ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।

মুকালমুৱাতো বন্ধন শিক্ষা কেন্দ্ৰৰ ছাত্ৰ -ছাত্ৰী সকলৰ মাজত খেল -ধেমালি, নৃত্য -গীতৰ প্ৰতিযোগিতাৰ এক অনুষ্ঠান কৰে। মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অঞ্চলটোৰ ২৫ টা বন্ধন শিক্ষা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত বন্ধন শিক্ষা কেন্দ্ৰৰ ছাত্ৰ- ছাত্ৰী সকলে বিভিন্ন খেল -ধেমালিৰ লগতে বেংকৰ নৃত্য- গীতৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ শেষত অনুষ্ঠিত হোৱা এক বঁটা বিতৰণী কাৰ্যসূচীত ছাত্ৰ -ছাত্ৰী সকলক বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়।

উল্লেখযোগ্য যে বন্ধনৰ মুকালমুৱা শাখাৰ অধীনত অঞ্চলটোৰ ভিন্ন প্ৰান্তত ২৫ টা শিক্ষা কেন্দ্ৰত মুঠ ৭৫০ গৰাকী ছাত্র -ছাত্ৰীক শিক্ষা প্ৰদান কৰি থকা হৈছে। এনেদৰে বন্ধন বেংকে বেংকিং সেৱাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বিভিন্ন সামাজিক উন্নয়নমূলক কাম-কাজৰ মাজেৰে ৰাইজৰ মাজত এতিয়া আস্থাভাজন হৈ উঠিছে ।

Leave A Reply