Breaking

চাপৰ ৰেল ষ্টেচনত পুনৰ আন্দোলনৰ কাৰ্যসূচী…

0 17

চাপৰ ৰেল ষ্টেচনত পুনৰ আন্দোলনৰ কাৰ্যসূচী।

চাপৰ ৰেল যাত্ৰী সন্থাৰ উদ্যোগত যাত্ৰীবাহী ৰেল ৰখাৰ দাবীত এই প্ৰতিবাদ।

তিনিদফীয়া দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ, ৰেল বিভাগ, ৰেল মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ।

ধুবুৰী জিলাৰ চাপৰ ৰেল ষ্টেচনত যাত্ৰীবাহী ৰেল ৰখাৰ দাবীত চাপৰবাসী ৰাইজে পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে। চাপৰ ৰেল ষ্টেচনত বিক্ষোভ কাৰ্যসূচীৰে সাৱস্থ কৰে প্ৰতিবাদ। বৃহত্তৰ চাপৰবাসীক অবজ্ঞা, প্ৰতাৰণা কৰা নচলিব, চাপৰত যাত্ৰীবাহী ৰেল ৰখাব লাগিব, ময়নাগুৰি-যোগিঘোপা ৰেলপথত পেছেঞ্জাৰ ৰেল চলোৱাৰ দাবীত বিভিন্ন শ্লোগানাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ।

যিহেতু চাপৰ পৰা বিলাসীপাৰা দুৰত্ব প্ৰায় ৩০ কি:মি: আনফালে অভয়াপুৰীৰ দুৰত্ব ৩৫ কি:মি:। তেনে ক্ষেত্ৰত চাপৰত যাত্ৰীবাহী ৰেল ৰখোৱাটো অত্যন্ত প্ৰয়োজন । যিহেতু চাপৰ তিনিখন জিলাৰ সীমান্তৱৰ্তী হোৱাৰ উপৰিও তিনিখন কৈ চাহ বাগিচা থকাৰ উপৰি কৃষি বিশ্ববিদ্যালয় থকাৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে

অনতিপলমে এই দাবী মানি লবলৈ ৰেল বিভাগক দাবী জনায়। ৰেল বিভাগে চাপৰবাসী ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিলে ইয়াৰ পিছত ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিয়ে আন্দোলনকাৰীয়ে।

Leave A Reply