Breaking

এভাৰেষ্টৰ শিখৰত আন এগৰাকী অসমীয়া, গুৱাহাটীত উষ্ম আদৰণি 

0 128

এভাৰেষ্টৰ শিখৰত আন এগৰাকী অসমীয়া।এভাৰেষ্ট আৰোহণ কৰি অসমত ভৰি দিলে হেদায়েত আলীয়ে। গুৱাহাটীত উষ্ম আদৰণি।অসমীয়াৰ স্বাভিমান গামোচাৰ চিহ্ন তেওঁৰ পৰ্বতাৰোহণৰ পোচাকত বিদ্যমান। ধৰ্মপত্নীয়ে মৰমেৰে পোচাকত এম্ব্ৰ‌ইডাৰী কৰিছে গামোচা। সেই গামোচা সংযুক্ত পোচাকেৰেই বিশ্বৰ সৰ্বোচ্চ শিখৰত ভৰি দিলে অসম সন্তানে। হাজোৰ পৰা গৈ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা হেদায়েত। যোৱা ১২ মে’ বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত বিশ্বৰ উচ্চতম শিখৰ মাউন্ট এভাৰেষ্টত তেওঁ উৰুৱালে ভাৰতৰ বিজয় নিচান। হেদায়েত আলীয়ে এই আৰোহণৰ বাবে প্ৰায় ৮ বছৰ অনুশীলন কৰিছিল।এভাৰেষ্টৰ পৰা আহি পোনে পোনে গুৱাহাটী পালেহি হেদায়েত আলী। শুক্ৰবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত দু:সাহসিক সংগঠন এক্সপ্ল’ৰাৰে আয়োজন কৰিলে এক সম্বৰ্ধনা অনুষ্ঠানৰ। ইয়াতে বিভিন্ন জনে অসম সন্তান গৰাকীক জনালে সম্ভাষণ। তেওঁ ঈশ্বৰক জনালে ধন্যবাদ।উল্লেখযোগ্য যে, হেদায়েত আলী হৈছে মাউন্ট এভাৰেষ্টৰ বুকুত খোজ থোৱা অসমৰ অষ্টম গৰাকী পৰ্বতাৰোহী। আলীয়ে এই অভিযান সম্পূৰ্ণ কৰি তুলিবৰ বাবে কেইবাবছৰ জুৰি শাৰীৰিক আৰু মানসিক ভাৱে প্ৰস্তুতি অব্যাহত ৰাখিছিল । অধ্যয়ন কৰিছিল গ্ৰন্থ । গ্ৰন্থৰ মাজত বিচাৰি ফুৰিছিল জীৱনৰ প্ৰকৃত ৰহস্য। মনৰ পৰা আঁতৰাই পেলাইছিল ভয় বা সংশয় ।

এভাৰেষ্টৰ সৰ্বোচ্চ শিখৰত যেতিয়া হেদায়েত উপনীত হৈছিল, তেতিয়া তেওঁ নিজকে বিশ্বাস কৰিব পৰা নাছিল । ১০ -১৫ মিনিট থকাৰ পাছত আকৌ উভতনি যাত্রাৰ চিন্তা কৰিছিল । বেছ কেম্প পোৱাৰ পাছতহে তেওঁৰ উপলব্ধি হ’ল– এভাৰেষ্ট অভিযান সফল হৈছে।এভাৰেষ্ট আৰোহণ অতিকৈ ভয়ানক । সাধাৰণতে এপ্ৰিল-মে’ মাহত এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়। এই বৰ্ষত প্ৰায় ৮০ খন দেশৰ পৰ্বতাৰোহীয়ে এই অভিযান চলাইছে । হেদায়েতে কলে এভাৰেষ্টৰ ট্ৰেফিক জামৰ কথা। ২০১৯ বৰ্ষত ট্ৰেফিক জামৰ ফলতেই ৭ জন লোকৰ মৃত্যু হৈছিল । তেওঁৰ এগৰাকী বন্ধুৰ এই শিখৰতে ট্ৰেফিক জামত মৃত্যু হৈছিল। এভাৰেষ্ট আৰোহণত মৃত্যু হোৱা বন্ধু জনৰ মৃতদেহ আজিও পৰি আছে সেই শিখৰত। এনে এক মৃতদেহৰ দমৰ মাজেদি এইগৰাকী অসম সন্তানে আৰোহণ কৰিলে এভাৰেষ্ট।

উল্লেখযোগ্য যে, হেদায়েত আলীৰ দলটো আছিল মাউন্ট এভাৰেষ্টলৈ যোৱা এই ছিজনৰ প্ৰথমটো অভিযাত্ৰীৰ দল। হেদায়েত আলীৰ মাউন্ট এভাৰেষ্টৰ এই যাত্রাত আছিল ১১ জনীয়া এটি আন্তঃৰাষ্ট্ৰীয় দল।হেদায়েত আলীয়ে পৰ্বতাৰোহণ ক্ষেত্ৰত ৰোপন কৰিলে এক মাইলৰ খুটি। ক্ৰীড়া অনুৰাগীৰ আশা — হেদায়েত আলী নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰওক। এইগৰাকী অসমসন্তানক অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও যাচিলো অযুত শুভকামনা।

Leave A Reply