Breaking

ম্যানমাৰত পুনৰ ভূমিকম্প, আফগানিস্তানতো ভূমিকম্প অনুভৱ…

0 76

ম্যানমাৰত পুনৰ ভূমিকম্প। ৰিখটাৰ স্কেলত ৪.৩ প্ৰাব্যলৰ ভূমিকম্প, আফগানিস্তানতো ভূমিকম্প অনুভৱ। যোৱা এসপ্তাহত ম্যানমাৰ, নেপাল, হিমাচল প্ৰদেশ আৰু আফগানিস্তানত ভূমিকম্প সৃষ্টি হোৱাৰ খবৰ আহিছে। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই শনিবাৰে প্ৰকাশ কৰা অনুসৰি পুৱা ৪:৫৩ বজাত ৪.৫ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। এই ভূমিকম্পৰ ফলত জীৱন বা সা-সম্পত্তিৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। ম্যানমাৰত যোৱা এসপ্তাহৰ ভিতৰত এইটো দ্বিতীয়টো ভূমিকম্প।

শুকুৰবাৰে নিশা (২৭ অক্টোবৰ ২০২৩) এই ভূমিকম্পটো কেৱল ম্যানমাৰতে সংঘটিত হোৱা নাছিল। আফগানিস্তানতো ভূমিকম্প অনুভৱ কৰা হৈছিল। আফগানিস্তানতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল যদিও এই ভূমিকম্পৰ বাবে কোনো লোকৰ ক্ষতি হোৱা নাই।


Leave A Reply