বিলাসীপাৰাত পুনৰ জল জীৱন মিছন আঁচনিত অঘটন |
শৌলমাৰী জল জীৱন মিছন আঁচনিত কৰ্মৰত এজন শ্ৰমিকৰ মৃত্যু |

আঁচনিত কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু মুখত পৰে শ্ৰমিকজন |
মৃত শ্ৰমিকজনৰ নাম হেমৰাজ পাছোৱান বুলি জানিব পৰা গৈছে |

শ্ৰমিক জনৰ ঘৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ লক্ষ্ণৌ ৰেউৰি গাঁৱত |
নিৰ্মিয়মান আঁচনি খনৰ ঠিকাদাৰ আৰু অভিযন্তাৰ গাফিলতিত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ |
ঘটনাস্থলীত নয়াহাট আৰক্ষী চকীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে |