Breaking

জীৱন সংগ্ৰামৰ অন্য এটি নাম মেধাৱী ছাত্ৰী পূৰ্ণিমা খনিকৰ। মেধাৱী ছাত্ৰী গৰাকীৰ দুবছৰ পঢ়াৰ দায়িত্ব ললে সোৱণশিৰি আঞ্চলিক ছাত্র সন্থাই…

0 74

দৰিদ্ৰতাই জীৱনত কোনো হেঙাৰ হ’ব নোৱাৰে তাৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখনা মহকুমাৰ মৰনৈ পঞ্চায়তৰ অন্তৰ্গত মাজগাঁৱৰ পূৰ্ণিমা খনিকৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে সোৱণশিৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছে মেধাৱী ছাত্ৰী গৰাকীয়ে। মেধাৱী ছাত্ৰী পূৰ্ণিমা খনিকৰৰ মাতৃ তিনি বছৰ আগতে মৃত্যু হৈছিল আৰু পিতৃ মানসিকভাবে বিষাৰগ্ৰস্ত হোৱা বাবে কণমানি ভণ্টি আৰু এগৰাকী ভায়েকক লগত লৈ ঘৰখনৰ সৰ্বোচ্চ দায়িত্ব কান্ধত লৈ পঢ়া-শুনা কৰে।

ঘৰখনত পঢ়িবলৈ নাই উপযুক্ত চকী-টেবুল। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ঘৰৰ কাম কৰি পঢ়া শুনা কৰা মেধাৱী ছাত্ৰী গৰাকীৰ জীৱন সংগ্ৰামৰ বিষয়ে সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰৰ পিছতে ঢকুৱাখনাৰ বিজয় এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী জালভাৰী গাঁৱৰ সু-সন্তান বিজয় দত্ত ডাঙৰীয়াই এখন চকী-মেজ প্ৰদান কৰে। আনহাতে ঢকুৱাখনাৰে আন এগৰাকী সু – সন্তান তথা এখন বিশ্ববিদ্যালয়ৰ প্ৰৱক্তাই যাতায়তৰ সুবিধাৰ্থে এখন বাইচাইকেল প্ৰদান কৰিছে।

আজি চাইকেল আৰু টেবুল চকীখন ছাত্ৰীগৰাকীক চমজি দিয়ে চুতীয়া যুৱ সন্মিলনৰ বিষয় ববীয়াৰ লগতে ৰঙ্গভুমি বে-চৰকাৰী অনুষ্ঠানে। ৰঙ্গভুমিৰ অনুৰোধত ব্যক্তি দুগৰাকীয়ে মেধাৱী ছাত্ৰীগৰাকীক সহায় কৰি মহানুভৱতাৰ পৰিচয় দিয়াত সোৱণশিৰি বাসীৰাইজে শলাগ লৈছে। ইফালে সোৱণশিৰি আঞ্চলিক ছাত্র সন্থাৰ তৰফৰ পৰা আজি ছাত্ৰীগৰাকীৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰিবলৈ দুবছৰ সম্পূৰ্ণ খৰচ বহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

Leave A Reply